আইচিচিৰ শাস্তিৰ সন্মুখীন পাকিস্তান
বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : শনিবাৰে বিশ্বকাপত ডার্কৱর্থ লুইছ পদ্ধতিত নিউজিলেণ্ডক হৰুৱাই বিশ্বকাপত নিজৰ আশা সজীৱ কৰি ৰাখিছে পাকিস্তানে৷ কিন্তু ইয়াৰ পিছতে আইচিচিৰ শাস্তিৰ সন্মুখীন হয় দলটো৷ বাবৰ আজমৰ দলৰ ১০ শতাংশ মেচ ফী কর্তন কৰা হৈছে৷ নির্ধাৰিত সময়ত পাকিস্তানে দুটা অভাৰ কম কৰিছিল৷ সেইবাবেই শাস্তি দিয়া হৈছে তেওঁলোকক৷ আম্পায়াৰ পল উইলছন আৰু ৰিছার্ড কেটেলবৰো, থার্ড আম্পায়াৰ ৰিছার্ড ইলিংৱর্থ আৰু চতুর্থ আম্পায়াৰ জুৱেল উইলছনে সেই শাস্তি প্রদান কৰিছে৷ আইচিচিৰ নিয়ম অনুসৰি অতি কম অভাৰৰ বিপৰীতে ৫ শতাংশকৈ মেচ ফী কর্তন কৰা হৈছে৷ পাকিস্তানে দুই অভাৰ কমকৈ কৰাৰ বাবে তেওঁলোকৰ ১০ শতাংশ মেচ ফী কাটি নিয়া হৈছে৷