চেম্পিয়নছ ট্রফীক লৈ হুংকাৰ পাকিস্তান চৰকাৰৰ
🔹 কোনো মেচ দেশৰ বাহিৰত খেলিবলৈ দিয়া নহ’ব
নিউজ ডেস্ক, ১৪ নৱেম্বৰ : চেম্পিয়নছ ট্রফীৰ এখন মেচো দেশৰ পৰা বাহিৰলৈ নিবলৈ দিয়া নহ’ব৷ এই কথা স্পষ্ট কৰি দিলে পাকিস্তান চৰকাৰে৷ ভাৰতীয় দলে চেম্পিয়নছ ট্রফী খেলিবলৈ পাকিস্তানলৈ নাযায় বুলি ঘোষণা কৰাৰ পিছতে চৰকাৰৰ দ্বাৰস্থ হয় পাক ব’ৰ্ড ৷ আগন্তুক সময়ত কি সিদ্ধান্ত গ্রহণ কৰা উচিত, সেই বিষয়ে শ্বাহবাজ শ্বৰীফ চৰকাৰৰ পৰামর্শ বিচাৰিছিল পাকিস্তান ব’র্ডে৷ পৰামর্শ দিবলৈ গৈ চৰকাৰে স্পষ্টভাৱে জনাই দিয়ে যে কোনো কাৰণতে দেশৰ মাটিৰ পৰা চেম্পিয়নছ ট্রফীৰ মেচ বাহিৰত খেলিবলৈ দিয়া নহ’ব৷ উল্লেখ্য যে দীর্ঘ পৰিকল্পনাৰ পিছত দেওবাৰে পাকিস্তান ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হয় যে চেম্পিয়নছ ট্রফী খেলিবলৈ পাকিস্তানলৈ যাব বিচৰা নাই ভাৰতে৷ ইয়াৰ পিছতে শুনা গৈছিল যে ভাৰতৰ সিদ্ধান্তক লৈ আইনী পৰামর্শ গ্রহণ কৰিব পাৰে পাক ব’র্ডে৷ আনকি চেম্পিয়নছ ট্রফীৰ পৰা পাকিস্তানে নাম প্রত্যাহাৰো কৰিব পাৰে৷ এনে পৰিস্থিতিত চৰকাৰৰ দ্বাৰস্থ হয় পাকিস্তান ব’ৰ্ড৷ ইয়াৰ পিছতে চৰকাৰে কঠোৰ স্থিতিৰ বিষয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে চেম্পিয়নছ ট্রফী পাকিস্তান ক্রিকেট ব’ৰ্ডৰ বাবে কেৱল সন্মানৰ বিষয় নহয়, ব’ৰ্ডৰ আর্থিক ভৱিষ্যতো এই প্রতিযোগিতাখনৰ ওপৰতে বহু পৰিমাণে নির্ভৰ কৰিব৷ কিয়নো প্রতিযোগিতাখন অনুষ্ঠিত কৰিব নোৱাৰিলে বৃহৎ আর্থিক ক্ষতিৰ সন্মুখীন হ’ব পাক ব’ৰ্ড৷ হিচাপ অনুসৰি চেম্পিয়নছ ট্রফী পাকিস্তানত অনুষ্ঠিত কৰিব নোৱাৰিলে প্রায় ৬.৫০ কোটি মার্কিন ডলাৰ আর্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে দেশখনৰ ক্রিকেট ব’ৰ্ড৷ টিকটৰ দাম, স্পনছৰশ্বিপ, সম্প্রচাৰ স্বত্ব এই সকলোবোৰ মিলাই বিপুল অর্থ লাভৰ আশা কাৰিছিল পাকিস্তান ব’র্ডে৷ কিন্তু চেম্পিয়নছ ট্রফী হাইব্রিড মডেলত অনুষ্ঠিত হ’লেও এটি বৃহৎ ধনৰ লাভ হ্রাস পাব৷ পিচিবিয়ে স্পষ্টভাৱে আইচিচিক জনাই দিছে যে চেম্পিয়নছ ট্রফীৰ বাবে তিনিখন ষ্টেডিয়ামৰ আমূল সংস্কৰণ কৰা হৈছে৷ ইয়াৰ বাবে বিপুল অর্থ ব্যয় হৈছে৷ এতিয়া হাইব্রিড মডেলত প্রতিযোগিতা অনুষ্ঠিত হ’লেও তেওঁলোক ক্ষতিৰ সন্মুখীন হ’ব৷ উল্লেখ্য যে দীর্ঘদিনৰ পিছত পাকিস্তানে আইচিচি ট্রফী আয়োজনৰ দায়িত্ব লাভ কৰিছে৷