বিচিচিআইৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ পাকিস্তানৰ
🔹 চেম্পিয়নছ ট্রফী স্থানান্তৰৰ বাবে আন এখন দেশলৈ ধন
নিউজ ডেস্ক, ১৯ নৱেম্বৰ : পাকিস্তানত হ’বনে আইচিচি চেম্পিয়নছ ট্ৰফী? ভাৰতৰ আপত্তিৰ পিছত পাকিস্তানৰ পৰা প্রতিযোগিতাখন স্থানান্তৰ হ’ব নেকি? এই প্রশ্ণই সম্প্রতি অনুৰাগীৰ মাজত বিৰাজ কৰিছে৷ ইফালে, পাকিস্তানে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে৷ পিচিবিয়ে অভিযোগ কৰিছে যে যে ভাৰতে আন দেশক উৎকোচ দি প্রতিযোগিতাখন পাকিস্তানৰ পৰা আঁতৰাই নিব বিচাৰিছে৷ পাকিস্তানে অভিযোগ কৰিছে যে ভাৰতীয় ক্রিকেট ব’র্ডে আন দেশৰ ব’ৰ্ডক বিপুল পৰিমাণৰ ধন আগবঢ়াইছে৷ ভাৰতে আইচিচিৰ পৰা যি ৰাজহ লাভ কৰে, তাৰ পৰা তেওঁলোকক এটা অংশ দিয়া হ’ব বুলি অৱগত কৰা হৈছে৷ অতিৰিক্ত আর্থিক প্রৰোচনাও দেখুওৱা হৈছে৷ ইয়াৰ উপৰি বিচিচিআয়ে সেই দেশসমূহৰ বিৰুদ্ধে দ্বি–পাক্ষিক শৃংখলাৰ সময়ত খেলৰ সংখ্যা বৃদ্ধি কৰাৰো প্রস্তাৱো আগবঢ়াইছে৷ বৰঞ্চ সেই দেশসমূহক জনোৱা হৈছে যে ভাৰতে পাকিস্তানৰ পৰা চেম্পিয়নছ ট্ৰফী আঁতৰোৱাৰ প্রস্তাৱক সমর্থন দিব লাগে৷ অৱশ্যে এই সন্দর্ভত তেওঁলোকে আইচিচিৰ ওচৰত কোনো আনুষ্ঠানিক অভিযোগ উত্থাপন কৰা নাই৷ অহা বছৰৰ ফেব্রুৱাৰী–মার্চ মাহত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী৷ আইচিচিয়ে প্রকাশ কৰা প্র’ম’ত আয়োজক দেশ হিচাপে পাকিস্তান আছে৷ সেই দেশত ট্ৰফী ভ্রমণো আৰম্ভ হৈছে৷ কিন্তু প্রতিযোগিতাৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই৷ ইপিনে, চেম্পিয়নছ ট্রফীত অংশগ্রহণ কৰাৰ উদ্দেশ্যে পাকিস্তান ভ্রমণ নকৰে বুলি স্পষ্ট কৰি দিছে ভাৰতে৷ প্রতিযোগিতাখন আন দেশলৈ লৈ যোৱাৰ বাবে আবেদন কৰিছে৷ ভাৰতে হাইব্রিড মডেলত প্রতিযোগিতাখন আয়োজন কৰিবলৈ অনুৰোধ জনাইছে৷ কিন্তু পাকিস্তানে স্পষ্টকৈ কৈছে যে এইবাৰ তেওঁলোকে নিজৰ দেশৰ পৰা প্রতিযোগিতা স্থানান্তৰ নকৰে৷ এনে পৰিস্থিতিত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অধিক অভিযোগ উত্থাপন কৰিছে৷