নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকালৈ পলাল পাক সেনাপ্রধানৰ পৰিয়াল

🔹 ভাৰতৰ আক্রমণৰ আশংকাত পাকিস্তানত হাহাকাৰ

নিউজ ডেস্ক, ২৬ এপ্রিল : জম্মু–কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ড খ্যাত পেহেলগামত পাক সন্ত্রাসবাদীৰ আক্রমণৰ প্রত্যাঘাতক লৈ ভাৰতে গ্রহণ কৰা যুদ্ধংদেহি স্থিতিত পাকিস্তানত হাহাকাৰ৷ পাক সন্ত্রাসবাদীক কোনো কাৰণতেই ৰেহাই নিদিয়া, য’তেই নাথাকক বিচাৰি উলিয়াই শাস্তি দিয়াৰ হুংকাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজহুৱাকৈ দি পাকিস্তানত আক্রমণৰ ইংগিত আৰু ভাৰতীয় তিনি সেনাই এলার্ট হৈ থকাৰ পাছতেই পাকিস্তানৰ সেনা বাহিনীতো হাহাকাৰ লাগিছে৷ কম্পিত সেনা বাহিনীয়ে ভাৰতৰ আক্রমণৰ শংকাত পৰিয়ালৰ লোকক নিৰাপদ স্থানলৈ পলায়নৰ ব্যৱস্থা কৰিছে৷ ইছলামাবাদৰ উদ্ধৃতি দি সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি পাক সেনাৰ মুৰব্বী জেনেৰেল চৈয়দ অছিম মুনিৰৰ পৰিয়ালক বিদেশলৈ প্রেৰণ কৰা  হৈছে৷ গোপনে সেনাৰ মুৰব্বী মুনিৰৰ পৰিয়ালক ব্যক্তিগত বিমানেৰে আমেৰিকা যুক্তৰাষ্ট্রলৈ প্রেৰণ কৰিছে৷ অকল পাক সেনাৰ মুৰব্বীৰেই নহয়, সেনা বাহিনীৰ কেইবাগৰাকীও শীর্ষ বিষয়াৰ পৰিয়ালক গোপনে বিদেশলৈ প্রেৰণ কৰিছে৷ তথ্য মতে, গ্রেট ব্রিটেইনৰ লগতে ইউৰোপৰ বিভিন্ন দেশলৈ এই পৰিয়ালসমূহক প্রেৰণ কৰিছে৷ উল্লেখ্য যে পাক অধিকৃত কাশ্মীৰত এক কার্যসূচীত সেনাপ্রধান মুনিৰে ভাৰতবিৰোধী উচটনিমূলক মন্তব্য প্রদান কৰাৰ পাছতেই পেহেলগামত সন্ত্রাসবাদীয়ে আক্রমণ কৰে৷ সেই আক্রমণত প্রত্যক্ষভাৱে পাক সেনাই সহযোগ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ সেনাপ্রধানৰ মন্তব্যই পাকিস্তানত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ সেনাপ্রধান মুনিৰৰ বাবেই পাকিস্তানৰ নাগৰিকে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি চর্চিত হৈছে৷ এনে পৰিপ্রেক্ষিতত সেনাপ্রধানগৰাকীৰ বিৰুদ্ধে একাংশ পাক নাগৰিক ক্ষুণ্ণ হৈছে৷ ভাৰতে আক্রমণ কৰিলে ইয়াৰ বাবে সেনাপ্রধানো জগৰীয়া হ’ব বুলি দেশত চর্চিত হোৱাৰ পৰিপ্রেক্ষিতত ভাৰতৰ আক্রমণৰ শংকাতেই সেনাপ্রধানগৰাকীয়ে পৰিয়ালৰ লোকক দেশৰ পৰা গোপনে আঁতৰাই পঠিয়াইছে৷ সেনাপ্রধানগৰাকীৰ ঘনিষ্ঠ শীর্ষ বিষয়াৰো পৰিয়ালক একেদৰে বিদেশলৈ পঠিওৱা  হৈছে৷

You might also like