অযোধ্যাত বাবৰি মছজিদ নির্মাণ কৰিব পাকিস্তানী সেনাই !
🔹 সংসদত পাক ছিনেটৰৰ বিস্ফোৰক মন্তব্য
নিউজ ডেস্ক, ২ মে’ : বাবৰি মছজিদ নির্মাণ হ’ব অযোধ্যাত! সেই মছজিদ স্থাপনৰ প্রথম ইটা গাঁঠিব পাক সৈনিকসকলে! মছজিদত প্রথম আজান দিব পাক সেনাপ্রধানে৷ পাকিস্তানৰ সংসদত এই বিস্ফোৰক মন্তব্য কৰিলে দেশখনৰ ছিনেটৰ পালৱাছা মহম্মদ জাই খানে৷ পেহেলগামত আক্রমণৰ পাছত ইতিমধ্যে ভাৰত–পাকিস্তানৰ দ্বি–পাক্ষিক সম্পর্কৰ চূড়ান্ত অৱনতি ঘটিছে৷ দুয়োখন দেশৰ মাজত যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ ইয়াৰ মাজতে এই বিতর্কিত মন্তব্য কৰিলে পাক ছিনেটৰগৰাকীয়ে৷ পৰহি পাক সংসদৰ উচ্চ সদনত ভাষণ দিছিল পালৱাছাই৷ ভাৰত–পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বিস্ফোৰক দাবী কৰে ছিনেটৰগৰাকীয়ে৷ ইতিমধ্যে পালৱাছাৰ এই ভাষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ অকল বাবৰি মছজিদেই নহয়, ভাৰতীয় সেনা সম্পর্কতো বিভাজনমূলক মন্তব্য কৰিছে পাকিস্তানী নেত্রীগৰাকীয়ে৷ ছিনেটৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ভাৰতে যদি পাকিস্তান আক্রমণ কৰে, তেন্তে শিখ ধর্মাৱলম্বীসকলে সেই আক্রমণত অংশগ্রহণ নকৰে৷ শিখসকলৰ মতে, পাকিস্তান গুৰুনানকৰ দেশ বুলিও মন্তব্য কৰে পালৱাছাই৷