৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নির্দেশ পাকিস্তানী নাগৰিকক
🔹 পাকিস্তানী হাই কমিছনৰ উপদেষ্টাক ভাৰত এৰাৰ নির্দেশ
🔹 তিনি সশস্ত্র বাহিনীৰ মুৰব্বীৰে বৈঠক প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ
নিউজ ডেস্ক, ২৪ এপ্রিল : মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰ আক্রমণৰ পিছতে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰী বাসভৱনত সুৰক্ষা সম্পর্কীয় কেবিনেট কমিটীৰ গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত চিচিএছৰ বৈঠকত চিৰবৈৰী ৰাষ্ট্র সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক পদক্ষেপ গ্রহণৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণত পাক সন্ত্রাসবাদী জড়িত থকাৰ পৰিপ্রেক্ষিততেই চিচিএছৰ বৈঠকত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লয়৷
কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি যেতিয়ালৈকে পাকিস্তানে সন্ত্রাসবাদ ত্যাগ নকৰে, তেতিয়ালৈকে ১৯৬০ চনৰ সিন্ধু জল চুক্তি স্থগিত ৰখা হ’ব৷ আটাৰী সীমান্ত চকী বন্ধ ৰখা হ’ব৷ বৈধ অনুমোদনৰ সৈতে যিসকলে সীমান্ত পাৰ হৈছে, তেওঁলোকে ২০২৫ চনৰ ১ মে’ৰ পূর্বেই সেই পথেৰেই উভতি যাব লাগিব৷ পাকিস্তানী নাগৰিকসকলক ভাৰত ভ্রমণৰ অনুমতি দিয়া নহ’ব৷ পাকিস্তানী নাগৰিকৰ বাবে অনুমোদিত এছপিইএছ ভিছা বাতিল কৰা হৈছে৷ এছপিইএছ ভিছাৰ অধীনত বর্তমান ভাৰতত থকা যিকোনো পাকিস্তানী নাগৰিকে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব৷ ইপিনে, নতুন দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্তৰ প্রতিৰক্ষা, সামৰিক, নৌসেনা আৰু বায়ুসেনাৰ উপদেষ্টাসকলক পাৰছনা নন গ্রাটা ঘোষণা কৰা হৈছে৷ তেওঁলোকে এসপ্তাহৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব৷ তেনেদৰে ভাৰতেও ইছলামাবাদস্থিত উচ্চায়ুক্তৰ কার্যালয়ৰ কর্মচাৰীৰ সংখ্যা হ্রাস কৰিব৷
লক্ষণীয় যে পাকিস্তানী নাগৰিকক চার্ক ভিছা দিয়া নহ’ব৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বৈদেশিক মন্ত্রী এছ জয়শংকৰ, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বিভিন্ন বিভাগীয় শীর্ষ আমোলাই অংশগ্রহণ কৰা বৈঠকখন প্রায় দুঘণ্টা ধৰি চলে৷ বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীক পেহেলগামৰ আক্রমণৰ লগতে ইয়াৰ পিছৰ পৰিস্থিতিৰ বিতং ব্যাখ্যা আগবঢ়ায় গৃহমন্ত্রী শ্বাহে৷ মন কৰিবলগীয়া যে পৰহি দিন–দুপৰতে পেহেলগামত পাক সন্ত্রাসবাদীয়ে পর্যটকৰ ওপৰত ভয়াৱহ আক্রমণ চলোৱাৰ পৰিপ্রেক্ষিতত ছৌদি আৰব ভ্রমণ চমু কৰি কালি প্রধানমন্ত্রী নতুন দিল্লীত উপস্থিত হয়৷ ইয়াৰ পিছতেই কালি প্রধানমন্ত্রীৰ সকলো কার্যসূচী বাতিল কৰি সন্ধিয়া তেওঁৰ চৰকাৰী বাসভৱনত চিচিএছৰ গুৰুত্বপূর্ণ বৈঠকত অংশ লয়৷ মন কৰিবলগীয়া যে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক লৈ কেন্দ্রীয় চৰকাৰে যি সিদ্ধান্ত লয় তাক বিৰোধী দলসমূহে পূর্ণ সমর্থন জনাব বুলি প্রকাশ কৰিছে৷
তিনি সশস্ত্র বাহিনীৰ মুৰব্বীৰে বৈঠক প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ
ভূ–স্বর্গ কাশ্মীৰক ৰক্তাক্ত কৰি পেহেলগামত সন্ত্রাসবাদীয়ে পর্যটকৰ নৰসংহাৰ চলোৱাৰ পিছত তিনি সশস্ত্র বাহিনীৰ মুৰব্বীৰে বৈঠকত মিলিত হয় কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ ভাৰতীয় স্থলসেনা বাহিনীৰ মুৰব্বী উপেন্দ্র দ্বিবেদী, বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মার্ছেল এ পি সিং, নৌসেনাৰ মুৰব্বী দীনেশ ত্রিপাঠীৰ লগতে এই বৈঠকত ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও অংশগ্রহণ কৰে৷ এই গুৰুত্বপূর্ণ বৈঠকত জম্মু–কাশ্মীৰৰ পেহেলগামৰ সন্ত্রাসবাদীৰ আক্রমণক লৈ বিতং আলোচনাৰ লগতে পৰিস্থিতি সন্দর্ভতো সূক্ষ্ম নিৰীক্ষণ চলোৱা হয়৷ এই বৈঠকত কিধৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে, সেই সন্দর্ভত আনুষ্ঠানিক কোনো তথ্য প্রচাৰ হোৱা নাই৷