পাকিস্তানৰ সলনি ভাৰতীয় জার্ছী পিন্ধিলে পাক অনুৰাগীয়ে
🔹 পৰাজয়ৰ গোন্ধ পাই দল সলনি
নিউজ ডেস্ক, ২৫ ফেব্রুৱাৰী : ডুবাইত দেওবাৰে অনুষ্ঠিত হয় চেম্পিয়নছ ট্রফীৰ বহু প্রতীক্ষিত ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচখন৷ দুই চিৰন্তন প্রতিদ্বন্দ্বীৰ মাজত মেচখন চলি থকাৰ সময়ত ডুবাই ষ্টেডিয়ামৰ গেলাৰীত দেখা গৈছিল এক বিৰল দৃশ্য৷ বিৰাট কোহলি আৰু শ্রেয়াছ আয়াৰৰ দুর্দান্ত বেটিঙত মেচখনত টীম ইণ্ডিয়াৰ জয় প্রায় নিশ্চিত হৈ পৰিছিল৷ ভাৰতীয় দলটোৱে জয়ৰ কাষ চপাৰ লগে লগে পাক দলটোৰ অনুৰাগী হতাশাত ভুগিছিল৷ পাকিস্তান দলটোৰ পৰাজয় প্রায় নিশ্চিত হোৱাৰ লগে লগে এগৰাকী পাক অনুৰাগীয়ে পাকিস্তানৰ জার্ছী সলনি কৰাৰ এটা ভিডিঅ’ ভাইৰেল হয়৷ পাকিস্তানী অনুৰাগীগৰাকীয়ে নিজ দলৰ জার্ছী সলনি কৰি টীম ইণ্ডিয়াৰ জার্ছী পৰিধান কৰা দেখা গৈছিল৷ অনুৰাগীগৰাকীয়ে পাক দলৰ জার্ছীৰ ওপৰত ভাৰতীয় দলৰ জার্ছী পৰিধান কৰে৷ অৱশ্যে কেমেৰাত ধৰা পৰাৰ লগে লগে পাক অনুৰাগীগৰাকীৰ মুখত লাজ লগা হাঁহি দেখা গৈছিল৷ ভাৰতীয় দলৰ জার্ছী পিন্ধি পাক সমর্থকগৰাকীয়ে ভাৰতীয় দলৰ হৈ চিঞৰ–বাখৰ কৰাও দেখা গৈছিল৷ অনুৰাগীগৰাকীৰ সেই দৃশ্য দেখি তাত থকা ভাৰতীয় অনুৰাগীয়ে হাত চাপৰি বজাইছিল৷ উল্লেখ্য যে ডুবাইত অনুষ্ঠিত বিশ্ববাসীৰ বহু প্রতীক্ষিত মেচখনত টীম ইণ্ডিয়াই পাকিস্তানক সহজেই ৬ উইকেটত পৰাস্ত কৰি প্রতিযোগিতাখনৰ ছেমি ফাইনেলত স্থান সুৰক্ষিত কৰে৷ পাকিস্তানে ২৪১ ৰান কৰাৰ প্রত্যুত্তৰত কোহলিৰ অপৰাজিত শতকৰ সহায়ত ভাৰতে ৪৫টা বল বাকী থাকোঁতে ৪টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷