পাকিস্তানৰ দুর্দশা : ১৬ শতাংশ লোক খোৱাৰ পৰাও বঞ্চিত
🔹 পাকিস্তানৰ দুর্দশা : ১৬ শতাংশ লোক দুবেলা খোৱাৰ পৰাও বঞ্চিত
🔹 পৰমাণু শক্তিসম্পন্ন পাকৰ ৪৫ শতাংশই দৰিদ্র : বিশ্ব বেংক
নিউজ ডেস্ক, ৬ জুন : পৰমাণু শক্তিসম্পন্ন পাকিস্তানৰ দুর্দশাৰ প্রতিচ্ছবি এখন বিশ্ববেংকৰ প্রতিবেদনত প্রকাশ পাইছে৷ ভাৰতক পৰমাণু আক্রমণৰ ভাবুকি দিয়া চিৰবৈৰী পাকিস্তানৰ ৪৫ শতাংশ লোকেই দৰিদ্র৷ অর্থাৎ দেশখনৰ জনসংখ্যাৰ অর্ধেকসংখ্যই দৰিদ্র লোক৷ ইয়াৰ উপৰি ১৬ শতাংশ লোক অত্যন্ত দৰিদ্র৷ যাৰ দুবেলা দুমুঠি খাবলৈ নাথাকে৷ অর্থাৎ ১৬ শতাংশ লোক দুবেলা খোৱাৰ পৰাও বঞ্চিত৷ বিশ্ব বেংকৰ তথ্য মতে, ২০১৮–১৯ বর্ষৰ পৰাই পাকিস্তানৰ দৰিদ্রৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আহিছে৷ জীৱনৰ মান হ্রাস পাই আহিছে৷ দেশখন চৰম আর্থিক সংকটত পৰাৰ বাবেই জনসাধাৰণৰ দুর্দশা চলি আছে৷ আইএমএফসহ পৃথিৱীৰ বিভিন্ন প্রান্তত পাকিস্তান চৰকাৰে ভিক্ষা সংগ্রহ কৰিলেও দেশখনৰ আর্থিক পৰিস্থিতিৰ কোনো পৰিৱর্তন হোৱা নাই৷ বিশ্ববেংকৰ দাৰিদ্র্য সীমাৰেখা নির্ধাৰণ কৰা মতে প্রতিদিনে ৩ ডলাৰ আয়ৰ ভিত্তিত৷ ভাৰতীয় মুদ্রা হিচাপত প্রতিদিনে ২৫৭ টকা আয় কৰিব নোৱাৰা পাকিস্তানৰ লোকৰ সংখ্যা ৪৫ শতাংশ৷ ইপিনে চৰম দৰিদ্রৰ সংখ্যা ৪.৯ শতাংশৰ পৰা ১৬ শতাংশলৈ বৃদ্ধি হৈছে৷