নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকতদুর্বৃত্তই ভঙা মন্দিৰ পুনৰ নির্মাণৰ নির্দেশ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা প্রদেশৰ কাৰাক প্রদেশত কট্টৰ ইছলামপন্থীৰ শতাব্দী প্রাচীন এটা হিন্দু মন্দিৰ ধ্বংস কৰা ঘটনা সন্দর্ভত ক্ষোভ উজাৰিছে দেশখনৰ উচ্চতম ন্যায়ালয়ে৷ আজি পাকিস্তানৰ শীর্ষ আদালতে দুসপ্তাহৰ ভিতৰতে মন্দিৰটোৰ পুনৰ নির্মাণৰ কাম আৰম্ভ কৰাৰ বাবে নির্দেশনা জাৰি কৰিছে৷ ইয়াৰ সৈতে জড়িত সংশ্লিষ্ট কর্তৃপক্ষই দুসপ্তাহৰ ভিতৰতে মন্দিৰটো পুনৰ নির্মাণৰ কার্য হাতত ল’ব লাগিব বুলি কঠোৰ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷

অকল সেয়াই নহয়, ইভাকুই ট্রাষ্ট প্রপার্টী ব’ড (ইটিপিবি)ক সকলো মন্দিৰৰ অৱস্থা সন্দর্ভত সবিশেষ তথ্য শীঘ্রে ন্যায়ালয়ত দাখিল কৰাৰ নির্দেশো দিয়া হৈছে৷ এ আৰ আই নিউজৰ প্রতিবেদন অনুসৰি খাইবাৰ পাখতুনখাৱাত হিন্দু মন্দিৰটো কট্টৰ ইছলামপন্থী দলৰ কর্মী তথা সমর্থকে ভাঙি থকা ভিডি’ ছ’চিয়েল মিডিয়াত মুকলি হোৱাৰ পিছতেই বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ মানৱ অধিকাৰ কর্মীসকলে সংখ্যালঘু সম্প্রদায়ৰ ধর্মীয় উপাসনাগৃহৰ ওপৰত চলা এই আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দিছে৷

You might also like