নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ লীগ -ৰ বিজয়োল্লাসত ৰণক্ষেত্রত পৰিণত পেৰিছ

🔹 চেম্পিয়নছ লীগ -ৰ বিজয়োল্লাসত ৰণক্ষেত্রত পৰিণত পেৰিছ

🔹 নিহত দুজন–আহত ২ শতাধিক, গ্রেপ্তাৰ পাঁচশৰো অধিক উন্মত্ত সমর্থক

🔹 জ্বলালে গাড়ী, বাছষ্টেণ্ডৰ লগতে একাধিক চৰকাৰী আন্তঃগাঁথনি

নিউজ ডেস্ক, ২ জুন : চেম্পিয়নছ লীগৰ বিজয়োল্লাসত ৰণক্ষেত্রত পৰিণত হ’ল পেৰিছ ৷ প্রাণ হেৰুৱায় কমেও দুজন লোকে৷ আহতৰ সংখ্যা দুই শতাধিক আৰু গ্রেপ্তাৰ হৈছে পাঁচশৰো অধিক উন্মত্ত সমর্থক ৷ শনিবাৰে মিউনিখত ইণ্টাৰ মিলানক ৫–০ গ’লত বিধ্বস্ত কৰি প্রথমবাৰ চেম্পিয়নছ লীগ জয় কৰে পিএছজিয়ে। মেচখন পোনপটীয়াভাৱে সম্প্রচাৰৰ ব্যৱস্থা কৰা হৈছিল পেৰিছৰ দুখন ষ্টেডিয়ামত৷ কমেও ৫০ হাজাৰ পিএছজি সমর্থকে তালৈ মেচ উপভোগ কৰিবলৈ গৈছিল৷

মেচৰ অন্তত অশান্তিৰ আশংকা কৰি পূর্বৰ পৰাই বিপুলসংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল ষ্টেডিয়াম দুখনৰ বাহিৰত৷ কিন্তু মেচ শেষ হোৱাৰ পিছত চেলিব্রেচনত মত্ত জনতাৰ সন্মুখত খেৰকুটাৰ দৰে উৰি যায় পুলিচ বাহিনী ৷ মেচ শেষ হোৱাৰ পিছত পথত নামি উন্মত্তৰ দৰে বিজয়োল্লাসত মত্ত হৈ পৰে পেৰিছৰ সাধাৰণ জনতা ৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে কেইবাৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰে৷ তৎসত্ত্বেও পৰিস্থিতি নিয়ন্ত্রণলৈ নাহিল৷ চেলিব্রেচনৰ নামত একাধিক গাড়ীত অগ্ণিসংযোগ কৰা হ’ল৷ পুৰি পেলোৱা হয় বাছষ্টেণ্ডৰ দৰে একাধিক চৰকাৰী আন্তঃগাঁথনি ৷ আৰক্ষীলৈ নিক্ষেপ কৰা হয় জুইৰ মছাল ৷ সমগ্র নিশা শতাধিক স্থানত অগ্ণিসংযোগ কৰা হয় ৷

ৰণক্ষেত্র পেৰিছত এনে ভয়ংকৰ চেলিব্রেচনত দুজনৰ মৃত্যু হৈছে৷ পেৰিছ প্রশাসনৰ সূত্রে জানিব পৰা মতে, ১৭ বছৰ বয়সীয়া এজন কিশোৰক ঘপিয়াই হত্যা কৰা হৈছে৷ অৱশ্যে এই ঘটনাৰ সৈতে চেম্পিয়নছ ট্রফী জয়ৰ চেলিব্রেচনৰ সংযোগ আছে নে নাই সেই বিষয়ে তদন্ত কৰা হ’ব৷ ইয়াৰ উপৰি আনন্দোল্লাসৰ মাজতে গাড়ীৰ খুন্দাত এজন ব্যক্তিৰ মৃত্যু হৈছে ৷ ট্রফী জয়ৰ চেলিব্রেচনত এনে হিংসাৰ ছবি দেখি ফ্রান্সৰ গৃহমন্ত্রী ব্রুনো ৰিটালিয়েওৰ মন্তব্য – ‘পিএছজিৰ প্রকৃত সমর্থকসকলে দলৰ বিজয় উদযাপন কৰিছিল ৷ কিন্তু পেৰিছৰ পথ দখল কৰিছিল বর্বৰসকলে ৷ তেওঁলোকে ইটোৰ পিছত সিটো অন্যায় কৰি প্রশাসনক প্রত্যাহ্বান জনাইছিল ৷ পিএছজিৰ তাৰকা ফুটবলাৰসকলে এনে ভয়ংকৰ পৰিস্থিতি প্রত্যক্ষ কৰি সমর্থকসকলক শান্ত হৈ থাকিবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল৷ কিন্তু এই সকলো প্রচেষ্টা বিফল হয়৷ খেলাৰ অন্তত কেইবাহাজাৰ সমর্থকে ষ্টেডিয়ামৰ ভিতৰত প্রৱেশ কৰিও আনন্দ প্রকাশ কৰে৷’

You might also like