পেৰিছ অলিম্পিক : পদকত সোণ কম দিয়াৰ লগতে ৰং সলনি হোৱাৰ অভিযোগ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ আগষ্টঃ সদ্যসমাপ্ত পেৰিছ অলিম্পিকত পদক লাভ কৰিও সুখী নহয় বহু খেলুৱৈ৷ তেওঁলোকৰ অভিযোগ– পদকসমূহৰ মানৰ ওপৰত৷ স্বর্ণবিজয়ী ডেনমার্কৰ তাৰকা বেডমিণ্টন খেলুৱৈ ভিক্টৰ এক্সেলছেনে অভিযোগ কৰিছে যে পদকত সোণৰ পৰিমাণ কম৷ আনহাতে পদকৰ ৰং সলনি হৈ যোৱাৰ অভিযোগো উত্থাপন হৈছে৷ ২০২১ চনৰ টকিঅ’ অলিম্পিকৰ বেডমিণ্টনৰ পুৰুষ ছিংগলছতো স্বর্ণ পদক লাভ কৰিছিল এক্সেলছেনে৷ সদ্যসমাপ্ত পেৰিছ অলিম্পিকতো স্বর্ণ জয় কৰে ডেনমার্কৰ তাৰকা শ্বাটলাৰগৰাকীয়ে৷ তেওঁ এটা ভিডিঅ’ মুকলি কৰে৷ তাত লাভ কৰা স্বর্ণ পদক দুটা দেখুৱায়৷ এক্সেলছেনৰ মতে টকি’ত পোৱা পদকটোত সোণৰ পৰিমাণ আছিল ৯ শতাংশ৷ পেৰিছত লাভ কৰা পদকটোত ১ শতাংশ সোণ কম আছে৷ ১৯১২ চনৰ আগতে অলিম্পিকৰ সোণৰ পদকত আছিল বিশুদ্ধ সোণ৷ কিন্তু পিছলৈ বন্ধ হৈ গ’ল৷ তীখাত সোণৰ প্লেটিং লগোৱা হয়৷ আমেৰিকাৰ নিজা হাষ্টনে এইবাৰ পুৰুষৰ ষ্ট্রীট স্কেটব’ডত ব্রঞ্জৰ পদক লাভ কৰে৷ ৯ আগষ্টত তেওঁ উক্ত পদকটো লাভ কৰিছিল৷ হাষ্টনে ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে এখন ফটো৷ তাত তেওঁ দুখন ছবি শ্বেয়াৰ কৰিছে৷ জয়ৰ পিছত এখন আৰু তিনি দিনৰ পিছত আন এখন ফটো৷ এইটো স্পষ্ট যে পদকৰ ৰং সলনি হৈ পৰিছে৷ হাষ্টনে কয় যে পেৰিছ অলিম্পিকৰ পদক নতুন হ’লে বৰ ভাল লাগে৷ কিন্তু বন্ধু–বান্ধৱীক পদক পিন্ধিবলৈ দিয়াৰ পিছত ইয়াৰ ৰং সলনি হ’ল৷ বহু সলনি হৈ গৈছে৷ মই ভাবোঁ– অলিম্পিক কমিটীয়ে এই বিষয়টো চাব লাগে৷ অৱশ্যে এই অভিযোগ সন্দর্ভত অলিম্পিক কমিটীয়ে এতিয়াও কোনো মন্তব্য কৰা নাই৷