নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AIR INDIA ৰ উড়ন্ত বিমানত মৃত যাত্ৰী; প্ৰশ্নৰ সন্মুখীন বিমানবন্দৰৰ থাৰ্মেল স্ক্ৰিনিং

  • মাজ আকাশত বিমানত মৃত যাত্ৰী
  • প্ৰশ্নৰ সন্মুখীন বিমানবন্দৰৰ থাৰ্মেল স্ক্ৰিনিং
  • আতংকিত অন্য যাত্ৰী
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ মাজ আকাশত এয়াৰ ইণ্ডিয়াৰ এখন বিমানতে মৃত্যু ঘটিল এজন যাত্ৰীৰ । নাইজেৰিয়াৰ লাগোছৰ পৰা মুম্বাইলৈ অহা এই ৪২ বছৰীয়া ব্যক্তিগৰাকী বিমানখন অবতৰণৰ পূৰ্বেই মাজ আকাশতে শেষ নিঃশ্বাস ত্যাগ কৰে ।
জানিব পৰা গৈছে যে, বিমানখনত যাত্ৰা কৰা অৱস্থাত যাত্ৰীগৰাকীক জ্বৰত কম্পমান হোৱা অন্য যাত্ৰীসকলে প্ৰত্যক্ষ কৰিছিল । লগতে যাত্ৰীগৰাকীয়ে তেওঁৰ উশাহ লোৱাত কষ্ট হোৱা বুলি বিমানখনৰ ক্ৰুসকলক জনাই অক্সিজেন দিয়াৰ বাবে আহ্বান জনাইছিল । কিন্তু তাৰপাছতো সকলো প্রচেষ্টা ব্যর্থ হয় আৰু লোকজন আকাশমাৰ্গতে জীৱন ত্যাগ কৰে ।
ইপিনে পাছত গম পোৱা গ’ল যে, এই মৃত লোকজন মেলেৰিয়াত আক্ৰান্ত হৈ আছিল । কিন্তু প্ৰশ্ন হয় বিমানত উঠাৰ পূৰ্বে থাৰ্মেল স্ক্ৰিনিঙৰ পাছতো কেনেদৰে এজন জ্বৰত ভুগি থকা লোকে বিমানত উঠাৰ সন্মতি পালে ?
কিন্তু এই সমগ্ৰ ঘটনাক স্বাভাৱিক বুলি দাবী জনাইছে এয়াৰ ইণ্ডয়াই । লগতে যাত্ৰীজনৰ দেহত জ্বৰ থকা বিষয়টো অস্বীকাৰ কৰিছে বিমান সংস্থাটোৱে ।
You might also like