কাৰ্বি আংলং জিলা প্ৰৱেশ কৰ গেটত অবৈধ কৰ সংগ্ৰহৰ বিৰুদ্ধে বোকাজানত আছু আৰু এজেৱাইচিপিৰ প্ৰতিবাদ আৰু স্মাৰক পত্ৰ প্ৰদান
নিয়মীয়া বাৰ্তা ১৫ জুনঃ কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ অধীনৰ ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা প্ৰৱেশ কৰ সংগ্ৰহ গেটত অবৈধভাৱে অতিৰিক্ত মাচুল সংগ্ৰহক কেন্দ্ৰ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি আৰু বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই আজি পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে ৷
যুৱছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে বোকাজান মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে কাৰ্যালয়ৰ সমুখত ধৰ্ণা প্ৰদান কৰে ৷ সংগঠনটোৱে অতি শীঘ্ৰে কাৰ্বি আংলং সীমান্তত থকা বিছখনকৈ প্ৰৱেশ কৰ সংগ্ৰহ গেটত অতিৰিক্ত ভাৱে লৈ থকা ধন সংগ্ৰহ বন্ধ কৰাৰ ব্যৱস্থা লবলৈ দাবী জনায় ৷ সংগঠনটোৱে উল্লেখ কৰা মতে এই অতিৰিক্ত কৰ সংগ্ৰহৰ বাবে খাদ্য সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত অৰিহনা যোগাইছে ৷

ইপিনে সমান্তৰালভাৱে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই উক্ত প্ৰসঙ্গতেই মকুমাধিপতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত অভিযোগ কৰা মতে প্ৰতিখন প্ৰৱেশকৰ গেটত স্বায়ত্ত্ব পৰিষদৰ নিয়ম মতে এটকাৰ পৰা দহ টকালৈকে গাড়ী অনুযায়ী প্ৰৱেশ কৰ সংগ্ৰহ কৰিব লাগে যদিও অতিৰিক্ত ভাৱে লেচীয়ে দীৰ্ঘ দিন ধৰি ধন সংগ্ৰহ কৰি আহিছে ৷ সংগঠনটোৱে অভিযোগ কৰে যে গোলাঘাট জিলাৰ ধনশিৰি ট্ৰাক মালিক সন্থাই এই সম্পৰ্কত উচ্চ ন্যায়লয়ত গোচৰ দিয়াৰ পাছত উচ্চ ন্যায়লয়ে দহ টকাৰ অধিক কৰ লব নোৱাৰিব বুলি নিৰ্দেশ দিয়াৰ পাছত ধনশিৰি ট্ৰাক মালিক সন্থাৰ অধীনৰ ট্ৰাকৰ পৰা দহ টকাকৈ লয় যদিওঁ আন বাহনৰ পৰা অবৈধভাৱে অতিৰিক্ত কৰ সংগ্ৰহ কৰি আহিছে ৷ সেয়েহে প্ৰশাসনে উচিত ব্যৱস্থা লবলৈ দাবী জনায় সংগঠটোৱে ৷
