৪৭বিধ বিষাক্ত সাপ, কাছসহ বিমানবন্দৰত গ্রেপ্তাৰ যাত্রীক
🔹 থাইলেণ্ডৰ পৰা আহিছিল চোৰাং সৰবৰাহকাৰী
নিউজ ডেস্ক, ৩ জুন : থাইলেণ্ডৰ পৰা অহা এগৰাকী যাত্রীৰ পৰা মুম্বাই বিমানবন্দৰত জব্দ কৰা হ’ল ৪৭বিধ বিষাক্ত প্রজাতিৰ সাপ আৰু পাঁচটা দুষ্প্রাপ্য প্রজাতিৰ কাছ৷ পৰহি নিশা থাইলেণ্ডৰ পৰা আহি মুম্বাইত উপস্থিত হৈছিল এই যাত্রীজন৷ থাইলেণ্ড কর্তৃপক্ষৰ চকুত কেনেদৰে ধূলি দি যাত্রীজনে এই বিষাক্ত সাপবোৰ আৰু দুষ্প্রাপ্য প্রজাতিৰ ‘এছিয়ান লিফ টাৰটল’ লগত আনিবলৈ সক্ষম হৈছিল, তাক লৈ বিভিন্ন মহলে আশ্চর্য প্রকাশ কৰিছে৷ মুম্বাইৰ ছত্রপতি শিৱাজী আন্তর্জাতিক বিমানবন্দৰত নিৰাপত্তা বিষয়াসকলে তালাচী চলোৱাৰ সময়ত যাত্রীজনৰ বেগৰ পৰা এই ৰাছেল ভাইপাৰ, পিট ভাইপাৰসহ ৪৭বিধ বিষাক্ত প্রজাতিৰ সাপ উদ্ধাৰ হয়৷ ইয়াৰ উপৰি পাঁচটা কাছও উদ্ধাৰ কৰা হয়৷ তাৎক্ষণিকভাৱে এই যাত্রীজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আন্তর্জাতিক চোৰাং চক্রৰ সৈতে এই যাত্রীজন জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷