নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজ আকাশত নগ্ন হৈ অষ্ট্রেলিয়াৰ বিমানত দৌৰ যাত্রীৰ

🔹 পার্থত গ্রেপ্তাৰ অভিযুক্তক : তদন্তত নামিছে আৰক্ষী

বিশেষ বাৰ্তা, ২৯ মে’ : মাজ আকাশত বিমানৰ ভিতৰত নগ্ন হৈ দৌৰ! এনে এক দৃশ্যৰ সাক্ষী হ’ল অষ্ট্রেলিয়াৰ ঘৰুৱা এক বিমানৰ যাত্রীসকল৷ পার্থৰ পৰা মেলব’ৰ্নগামী এই বিমানখন আকাশলৈ উৰা মৰাৰ কিছু সময়ৰ ভিতৰতে এই বিচিত্র ঘটনা ঘটে৷ শেষত আৰক্ষীয়ে নগ্ন এই ব্যক্তিগৰাকীক গ্রেপ্তাৰ কৰে৷ আৰম্ভ হৈছে তদন্ত৷ দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি সোমবাৰে স্থানীয় সময় নিশা ৭.২০ বজাত বিমানখনে উৰা মাৰে৷ প্রায় ৩ ঘণ্টা ৩০ মিনিটৰ ভিতৰত গন্তব্য স্থানত উপস্থিত হোৱাৰ কথা আছিল বিমানখনৰ৷ কিন্তু যাত্রা আৰম্ভ হোৱাৰ প্রথম ঘণ্টাৰ ভিতৰতে এই ঘটনা সংঘটিত হোৱাৰ লগে লগে পার্থলৈ পুনৰ উভতি আহে বিমানখন৷ নগ্ন অৱস্থাত বিমানখনৰ ভিতৰত যাত্রীগৰাকীয়ে দৌৰি গৈ এগৰাকী বিমানকর্মীক গঁতিয়াই দিয়ে৷ এনে ঘটনাত বিমানখনৰ যাত্রীসকল হতচকিত হৈ পৰে৷ অষ্ট্রেলিয়ান পুলিচৰ এগৰাকী মুখপাত্রই জনোৱা অনুসৰি তেওঁলোকে বিমানখনৰ কর্মীসকলৰ পৰা তাৎক্ষণিকভাৱে ফোনত সবিশেষ জানিব সক্ষম হৈছিল৷ পার্থৰ বিমানবন্দৰত বিমানখনে আহি অৱতৰণ কৰাৰ লগে লগে আৰক্ষীয়ে ব্যক্তিগৰাকীক গ্রেপ্তাৰ কৰে৷ অভিযুক্ত ব্যক্তিগৰাকীক তাৎক্ষণিকভাৱে শাৰীৰিক পৰীক্ষাৰ বাবে হাস্পতালত ভর্তি কৰোৱা হয়৷ অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈ ব্যক্তিগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ অভিযোগ অনা হোৱা নাই৷ সমগ্র বিষয়টো তদন্ত কৰি আছে আৰক্ষীয়ে৷ আগন্তুক ১৪ জুনত পার্থৰ দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্তক৷ সেইদিনাখনেই হ’ব গোচৰটোৰ প্রথম শুনানি৷ কিয় অভিযুক্তই নগ্ন হৈ বিমানৰ ভিতৰত দৌৰিছিল, তাৰ কাৰণ জানিব পৰা নাই আৰক্ষীয়ে৷ কিন্তু এই ঘটনাক লৈ অষ্ট্রেলিয়াত সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like