ৰোমত মস্তিষ্কৰ অস্ত্রোপচাৰৰ সময়ত ৯ ঘণ্টা ধৰি ছেক্সোফোন বজালে ৰোগীয়ে
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ সংগীতৰ সৈতে স্নায়ুতন্ত্রৰ উদ্দীপনাৰ গভীৰ সম্পর্ক আছে৷ ইতিমধ্যে কগ্নিটিভ বিজ্ঞানীসকলে এই সন্দর্ভত বহু গৱেষণালব্ধ নিবন্ধ ঘটিছে৷ চিকিৎসা বিজ্ঞান তথা কগ্নিটিভ ছায়েন্সক লৈ বহু গৱেষণা চলিছে৷ ইয়াৰ এক উদাহৰণ শেহতীয়াকৈ দেখিবলৈ পোৱা গ’ল ইটালীৰ ৰাজধানী ৰোমৰ এখন হাস্পতালত৷ ব্রেইন টিউমাৰৰ অস্ত্রোপচাৰ চলাৰ সময়ত অপাৰেচন থিয়েটাৰত ছেক্সোফোন বজালে ৰোগীয়ে৷ ৰোগীৰ বিভিন্ন জটিল অংশ যেতিয়া চিকিৎসকসকলে ছুৰী–কেঁচিৰে কাটি আছিল, তেতিয়া ৰোগী ছেক্সোফোন বজোৱাত ব্যস্ত৷ সাধাৰণ মানুহৰ বাবে এয়া এক অকল্পনীয় বিষয়৷ কিন্তু এয়া সত্য৷ সম্পূর্ণ ৯ ঘণ্টা ধৰি মগজুৰ অস্ত্রোপচাৰ চলি থকাৰ সময়ত ৰোগীয়ে নিৰৱচ্ছিন্নভাৱে ছেক্সোফোনত বজাই ৭০ৰ দশকৰ আমেৰিকাৰ জনপ্রিয় ছবি ‘লাভ ষ্টৰী’ৰ সংগীত৷
চিকিৎসকসকলে এইক্ষেত্রত কোনোধৰণৰ অসুবিধা অনুভৱ নকৰিলে৷ বৰঞ্চ ৰোগীৰ মস্তিষ্ক সুচল থকা বাবে মগজুৰ বিভিন্ন অংশৰ ভূমিকা বুজি সুকলমে অস্ত্রোপচাৰ কৰে চিকিৎসকসকলে৷ মস্তিষ্কৰ অস্ত্রোপচাৰ চলোৱাৰ সময়ত ৰোগীক সংজ্ঞাহীন নকৰাৰ এই প্রক্রিয়াক কোৱা হয় ‘এৱেক ছার্জাৰী৷’ অস্ত্রোপচাৰৰ এই ব্যৱস্থাত ৰোগীৰ মস্তিষ্ক সুচল ৰাখিবলগীয়া হয়৷ ৰোমৰ হাস্পতালত ব্রেইন টিউমাৰৰ এই ৰোগীগৰাকীক প্রয়োজন হৈছিল এৱেক ছার্জাৰীৰ৷ গতিকে পূর্বৰে পৰা ৰোগীক অস্ত্রোপচাৰৰ বিষয়টো সন্দর্ভত সবিস্তাৰে জনোৱা হৈছিল৷ চিকিৎসকসকলে বাৰে বাৰে ৰোগীজনক এটাই কথা কৈছিল যে তেওঁ কোনো কাৰণতে অস্ত্রোপচাৰৰ সময়ত শুই পৰিব নোৱাৰিব৷ ৯ ঘণ্টা ধৰি অস্ত্রোপচাৰৰ সময়ত ছেক্সোফোন বজাই ৰোগীয়ে এই পৃথিৱীত এক অভিলেখো গঢ়ি তুলিলে৷
ইটালীৰ বাসিন্দা এই ৰোগীজনৰ সম্পূর্ণ নাম প্রকাশ কৰা নাই হাস্পতালৰ সূত্রই৷ অৱশ্যে হাস্পতালৰ তৰফৰ পৰা তেওঁক ‘চি জেড’ বুলি অভিহিত কৰা হৈছে৷ ৩৫ বছৰীয়া এই ৰোগীজন অতি সাহসী বুলিও হাস্পতালৰ সূত্রই সদৰী কৰিছে৷ চি জেডৰ অস্ত্রোপচাৰৰ দায়িত্বত আছিল চিকিৎসক ক্রিছিয়ান ব্রোগোনা৷ ব্রোগোনাক সহায় কৰে এদল অভিজ্ঞ চিকিৎসকে৷ লক্ষণীয়ভাৱে অস্ত্রোপচাৰ চলি থকা সময়তে ব্রোগোনাই চি জেডৰ ছেক্সোফোনৰ সংগীতো উপভোগ কৰে৷
চিকিৎসকগৰাকীয়ে উল্লেখ কৰা অনুসৰি ৰোগীয়ে সম্পূর্ণ শুদ্ধ আৰু মনো সংযোগত বিসংগতি নোহোৱাকৈ ছেক্সোফোন বজাইছিল ৯ ঘণ্টা ধৰি৷ ইতিমধ্যে বিশ্বৰ চিকিৎসা বিজ্ঞানত এয়া এক ৰহস্যজনক ঘটনা হিচাপে চিহ্ণিত হৈছে৷ সাধাৰণতে এৱেক ছার্জাৰী কম সময়ৰ ভিতৰত সম্পন্ন কৰা হয়৷ কিন্তু ৯ ঘণ্টা ধৰি এনে ছার্জাৰী সম্পন্ন কৰাটো বিশ্বৰ চিকিৎসা বিজ্ঞানৰ ইতিহাসত এয়া প্রথমটো ঘটনা৷