নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেগা ইভেণ্টত ৭৩৯ কোটিৰ লোকচান, আঁৰত বিচিচিআই

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ২৯ বছৰৰ অপেক্ষাৰ অন্তত পাকিস্তানে আইচিচি প্ৰতিযোগিতা আয়োজন কৰাৰ সুযোগ পালে। আনকি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) নিজেই ভবা নাছিল যে চেম্পিয়নছ ট্ৰফী ২০২৫ প্ৰতিযোগিতাখনে ‘দেউলিয়া’ কৰি তুলিব। হয়, আপুনি ঠিকেই শুনিছে, চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানৰ ক্ষতি হৈছে ৭৩৯ কোটি টকা। ভাৰতীয় ক্ৰিকেট দলটোও এই পৰাজয়ৰ এটা ডাঙৰ কাৰণ। ২০২১ চনত আই চি চিয়ে চেম্পিয়নছ ট্ৰফীৰ আয়োজন পাকিস্তানক অৰ্পণ কৰাৰ কথা ঘোষণা কৰাৰ পিছত পাকিস্তানে প্ৰস্তুতিৰ বাবে ৮৬৯ কোটি টকা ব্যয় কৰিছিল।

ভাৰতে আমাক দেউলিয়া কৰি পেলাইছে!
চেম্পিয়নছ ট্ৰফী ২০২৫ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ২ মাহ পূৰ্বে নিৰাপত্তাজনিত কাৰণত বিচিচিআয়ে ভাৰতীয় দলটো পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। এনে পৰিস্থিতিত টীম ইণ্ডিয়াৰ বাবে হাইব্ৰিড মডেল গ্ৰহণ কৰা হ’ল। এই কাৰণতে পাকিস্তানৰ পৰিৱৰ্তে ডুবায়ে পাঁচখন ডাঙৰ মেচ আয়োজন কৰিছিল। টীম ইণ্ডিয়াৰ বাবে পিচিবিয়ে বাম্পাৰ প্ৰফিট পোৱাৰ কথা আছিল যদিও লাভ কৰিব নোৱাৰিলে। পাকিস্তানত খেলা ১০খন মেচৰ ভিতৰত ৩খন বৰষুণৰ বাবে নষ্ট হৈছিল, যাৰ বাবে পিচিবিয়ে টিকটৰ ধন ঘূৰাই দিবলগীয়া হৈছিল।

৭৩৯ কোটি টকাৰ লোকচান
দ্য টেলিগ্ৰাফত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৰাৱালপিণ্ডি, কৰাচী আৰু লাহোৰৰ খেলপথাৰ সংস্কাৰ কৰিবলৈ ৫৬০ কোটি টকা ব্যয় কৰিছিল। এই ধনৰাশি মূল বাজেটতকৈ ৫০ শতাংশ বেছি আছিল। প্ৰস্তুতিৰ বাবে পৃথকে পৃথকে ব্যয় কৰা হৈছিল ৩৪৭ কোটি টকা। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে টিকট আৰু আয়োজক মাচুলৰ পৰা মাত্ৰ ৫২ কোটি টকাহে উপাৰ্জন কৰে। মুঠৰ ওপৰত পাকিস্তানৰ লোকচান হৈছে ৭৩৯ কোটি টকা।

এতিয়া খেলুৱৈৰ পকেটৰ পৰা এই লোকচানৰ ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰিছে পিচিবিয়ে। ঘৰুৱা খেলুৱৈৰ মেচ মাচুল ৯০ ​​শতাংশ হ্ৰাস কৰিছে ব’ৰ্ডে। আনহাতে ৰিজাৰ্ভ খেলুৱৈক এতিয়া পুৰণি ধনৰ ১২.৫০ শতাংশহে দিয়া হ’ব।

You might also like