নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থৰ গতিময় পিটচত ভাৰতীয় বেটাৰ-বলাৰৰ আধিপত্য

🔹 কোহলি-জয়ছোৱালৰ শতক : বেকফুটত অষ্ট্ৰেলিয়া

নিউজ ডেস্ক, ২৪ নৱেম্বৰ : প্রথম ইনিংছত ১১জন বেটাৰে যিমান ৰান কৰিছিল, দ্বিতীয় ইনিংছত ভাৰতীয় অ’পেনাৰদ্বয়ে সেই ৰান অতিক্রম কৰিব বুলি হয়তো কোনেও ভবা নাছিল৷ হয়তো ভাৰতীয় দলৰ খেলুৱৈসকলেও ভবা নাছিল যে মেচখন এনেদৰে নিজৰ হাতলৈ আহিব৷ সেইবাবেই ১৭২ ৰানৰ যুটি গঢ়াৰ পাছত কে এল ৰাহুল আৰু যশস্বী জয়ছোৱাল পেভিলিয়নলৈ উভতি অহাৰ সময়ত বিৰাট কোহলিয়ে নিজেই তেওঁলোকৰ ওচৰলৈ গৈ চেল্যুট দিছিল৷ পার্থৰ উইকেটত প্রথম ইনিংছত ভাৰতৰ বলাৰসকলে অষ্ট্রেলিয়ান বেটাৰকো সৰিয়হৰ ফুল দেখুৱাইছিল৷ দ্বিতীয় ইনিংছতো হয়তো একেই ভাবনাৰে খেলপথাৰত নামিছিল পেট কামিনছ৷ ভাবিছিল নতুন বলেৰে ভাৰতীয় বেটিংক্রমৰ মেৰুদণ্ড ভাঙি পেলাব৷ কিন্তু সেই আশাত চেঁচাপানী ঢালিলে ভাৰতৰ দুই অ’পেনাৰ আৰু বিৰাট কোহলিয়ে ৷ দ্বিতীয় দিনাৰ শেষৰফালেও হতাশ হ’বলগীয়া হয় অষ্ট্রেলিয়ান বলাৰসকল৷ ট্রেভিছ হেড, আনকি মার্নাছ লাবুছেনৰ দ্বাৰা বলিং কৰায়ো সুফল নাপালে তেওঁলোকে৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ প্রথম টেষ্টত দ্বিতীয় দিনাৰ অন্তত ভাৰতে কোনো হানি–বিঘিনি নঘটাকৈ সংগ্রহ কৰে ১৭২ ৰান৷ ফলত আলহী দলটোৱে ২১৮ ৰানৰ আশাপ্রদ অগ্রগতি লাভ কৰিবলৈ সক্ষম হয়৷ মাত্র এনিশাৰ ভিতৰতে অদ্ভুতভাৱে সলনি হৈছে পার্থৰ পিটচৰ চৰিত্র৷ যিখন পিটচত পৰহি এদিনতে ১৭টা উইকেটৰ পতন ঘটিছে, সেইখন পিটচত কালি পুৱা ষ্টার্ক–হেজলউডৰ যুটি ভাঙিবলৈ গৈ কষ্ট কৰিব লগা হৈছিল ভাৰতীয় বলাৰসকলে৷ ইয়াৰ পাছত যশস্বী আৰু ৰাহুলে ইনিংছ মুকলি কৰি প্রথম ২০ অভাৰ অতিক্রম কৰাৰ পাছত যথেষ্ট সহজ হৈ পৰে তেওঁলোকৰ বেটিং৷ আচলতে পার্থৰ ২২ গজে যশস্বী আৰু ৰাহুলহঁতক টেষ্ট ক্রিকেটৰ বেটিং কৰিবলৈ বাধ্য কৰালে৷ জয়ছোৱালে ১৬১ ৰান কৰাৰ লগতে কে এল ৰাহুলে ৭৭ ৰানৰ ইনিংছ খেলি ভাৰতক টেষ্টখনত জয়ৰ দিশে লৈ যায়। তদুপৰি দীৰ্ঘদিনৰ অন্তত বিৰাট কোহলিৰ সুন্দৰ বেটিং দেখাৰ সৌভাগ্য হয়। বিদেশৰ মাটিত কোহলিয়ে আজি ১০০ ৰানৰ এক সুন্দৰ ইনিংছ দলক উপহাৰ দিয়ে। ৮টা চাৰি আৰু দুটা ছয়েৰে বিৰাটে তেওঁৰ শতকীয় ইনিংছটো সজায়। লগে লগে ভাৰতীয় দলটোৰ অধিনায়ক বুমৰাহে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু অষ্ট্ৰেলিয়াক দ্বিতীয় ইনিংছৰ বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ৫৩৪ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নমা অষ্ট্ৰেলিয়ান বেটাৰ পুনৰ এবাৰ ভাৰতীয় বলাৰৰ বিধ্বংসী স্পেলত শ’লঠেকত পৰে। ৪.২ অভাৰত ১২ ৰানতে অষ্ট্ৰেলিয়াৰ তিনিটা উইকেটৰ পতন ঘটে। বুমৰাহে ২টা আৰু ছিৰাজে এটা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপৰ মেৰুদণ্ড ভাঙি পেলায়। মেচখনৰ এতিয়াও দুদিন বাকী আছে যদিও ইতিমধ্যে ভাৰত চালকৰ অসনত উপৱিষ্ট হৈছে৷ ৭টা উইকেট হাতত থকা অষ্ট্ৰেলিয়াক এতিয়াও ৫২২ ৰানৰ প্ৰয়োজন।

You might also like