নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভাৱনীয় হাৰত বৃদ্ধি পাব পেট্র’ল–ডিজেলৰ দাম

🔹 ইৰান-ইজৰাইলৰ যুদ্ধ -ত বিশ্ব অর্থনীতিলৈ অশনি সংকেত

🔹 দুদিনৰ যুদ্ধত খাৰুৱা তেলৰ প্রতি বেৰেলত ৫ ডলাৰকৈ দাম বৃদ্ধি

নিউজ ডেস্ক, ১৬ জুন : ক্রমাৎ বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে ইৰান আৰু ইজৰাইলৰ যুদ্ধই৷ ইতিমধ্যে দুয়োখন দেশৰ মাজত ড্রোন–ক্ষেপণাস্ত্র আৰু বোমাবর্ষণ অব্যাহত আছে৷ ইজৰাইলে ইৰানৰ সামৰিক ঘাটি, গেছ সৰবৰাহ ক্ষেত্র আদিত বোমাবর্ষণ কৰাৰ বিপৰীতে ইৰানে ড্রোন আৰু ক্ষেপণাস্ত্রৰে ইজৰাইলৰ ৰাজধানী তেল আভিভ, জেৰুজালেম তথা অন্যান্য চহৰত আক্রমণ চলাই থকা বুলি দাবী কৰিছে৷

লক্ষণীয়ভাৱে ইজৰাইলৰ আক্রমণত ইতিমধ্যে বিস্তৰ ক্ষতিসাধন হৈছে ইৰানত৷ তিনিদিনীয়া এই যুদ্ধত ইৰানত ৯ পৰমাণু বিজ্ঞানী, সেনা মুৰব্বী তথা উচ্চপদস্থ সেনা বিষয়াসহ শতাধিক লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ইজৰাইলী সেনাই৷ শেহতীয়াকৈ উভয় দেশত ৮০গৰাকী লোক নিহত হোৱা বুলি বিভিন্ন মহলে দাবী কৰিছে৷

ইফালে ইৰানৰ আক্রমণত ইজৰাইলত ইতিমধ্যে ১৩গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য অর্ধশতাধিক আহত হোৱা বুলি দেশখনৰ চৰকাৰী সূত্রই প্রকাশ কৰিছে৷ কিন্তু ইৰানে দাবী কৰা অনুসৰি ইজৰাইলৰ ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি৷ এই আক্রমণ–প্রত্যাক্রমণৰণৰ মাজতে বিশ্ব অর্থনীতিলৈ আহি পৰিছে অশনি সংকেত৷ সমগ্র মধ্যপ্রাচ্যক অশান্ত কৰি তোলা এই যুদ্ধৰ ফলত অভাৱনীয়ভাৱে খাৰুৱা তেলৰ দাম বৃদ্ধিৰ আশংকাই দেখা দিছে৷ বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে পৰিস্থিতি জটিল কৰি তুলিব পাৰে বুলি আশংকা কৰা হৈছে৷

লক্ষণীয়ভাৱে দুদিনৰ যুদ্ধত খাৰুৱা তেলৰ প্রতি বেৰেলত দাম বৃদ্ধি পাইছে ৫ ডলাৰ৷ অর্থাৎ এই বৃদ্ধিৰ ফলত পৰহি প্রতি বেৰেল খাৰুৱা তেলৰ দাম হৈছিল ৭৮ ডলাৰ৷ এই যুদ্ধই দীর্ঘস্থায়ী ৰূপ লাভ কৰিলে বিশ্ব বাণিজ্যত ভয়াৱহ প্রভাৱ পৰিব৷ ইয়াৰ পৰা পৰিত্রাণ নাপায় ভাৰতেও৷ বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি ভাৰতে প্রত্যক্ষভাৱে ইৰানৰ পৰা বেছি খাৰুৱা তেল আমদানি নকৰিলেও দেশখনে নিজৰ চাহিদাৰ ৮০ শতাংশ তেল বাহিৰৰ পৰা ক্রয় কৰিবলগীয়া হয়৷ এই আমদানিৰ প্রায় ৫০ শতাংশ হৰমুজ প্রণালী হৈ ভাৰতলৈ আহে৷ বিশ্বজুৰি ইন্ধন তেলৰ প্রায় ২০ শতাংশ বাণিজ্য হয় এই সামুদ্রিক পথেৰে৷ যুদ্ধৰ ফলত যদি এই পথ বন্ধ হৈ পৰে তেন্তে বিশ্বজুৰি তেল সৰবৰাহত সৃষ্টি হ’ব নতুন সংকট৷ অর্থাৎ বিশ্ব অর্থনীতিত ই ভয়ংকৰ প্রভাৱ পেলাব৷ বর্তমান পৰিস্থিতি বিশ্লেষণ কৰি বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য ৯৫ ডলাৰলৈ বৃদ্ধি পোৱাৰ আশংকা আছে৷

ইফালে এনে এক নতুন আতংক সৃষ্টিৰ মাজতো ইৰান আৰু ইজৰাইলৰ মাজত অব্যাহত আছে যুদ্ধ৷ উভয় দেশে পৰস্পৰক বিভিন্ন ধৰণে ভাবুকি প্রদান কৰি আছে৷ ইয়াৰ মাজতে এই যুদ্ধত ইৰানৰ প্রতি একতা প্রদর্শন কৰি য়েমেনৰ সশস্ত্র সংগঠন হুথীয়েও ইজৰাইলৰ ওপৰত পৰহি নিশা ক্ষেপণাস্ত্রৰে আক্রমণ চলায়৷ এই আক্রমণৰ প্রত্যুত্তৰ দিয়ে ইজৰাইলেও৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে, ইজৰাইলৰ লৌহ বর্ম হিচাপে পৰিচিত আইৰন ডোমৰ প্রতিৰোধ ভেদ কৰি ইৰানৰ ক্ষেপণাস্ত্রই দেশখনৰ অভ্যন্তৰৰ গুৰুত্বপূর্ণ স্থানত আঘাত হানিছে৷ এয়া ইজৰাইলৰ বাবে এক মোক্ষম আঘাত হিচাপে চিহ্ণিত হৈছে৷ এই আক্রমণৰ পিছত ইজৰাইলে ইৰানৰ ৰাজধানী তেহৰান অগ্ণিপিণ্ডত পৰিণত কৰিব বুলি হুংকাৰ দিছে৷ কালি ইজৰাইলী সেনাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে ইৰানৰ অস্ত্র কাৰখানাবোৰ ধ্বংস কৰি পেলোৱা হ’ব৷

লক্ষণীয়ভাৱে ইৰানৰ পৰমাণু অস্ত্রৰ ঘাটিত পুনৰ আক্রমণ কৰা বুলি দাবী কৰিছে ইজৰাইলে৷ অকল সেয়াই নহয়, ইৰানৰ বৃহৎ অস্ত্র কাৰখানাবোৰ ধ্বংস কৰাৰ হুংকাৰ দি ইজৰাইলে তেহৰানৰ নাগৰিকসকলক নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ আহ্বান জনাইছে৷ ইজৰাইলৰ এই আহ্বানৰ পিছতে ইৰানৰ ৰাষ্ট্রপতিয়ে হুংকাৰ দিছে যে কোনো কাৰণতে প্রত্যাঘাত বন্ধ কৰা নহ’ব৷ ইফালে, এই ভয়ংকৰ যুদ্ধৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কালি হুংকাৰ দি কৈছে যে ইৰানে যদি আমেৰিকাক আক্রমণৰ দুঃসাহস দেখুৱায় তেন্তে পৰিণতি ভয়াৱহ হ’ব৷ ইৰানক এনেধৰণৰ শাস্তি দিয়া হ’ব যে সেয়া সপোনৰো অগোচৰ বুলি ট্রাম্পে ঘোষণা কৰিছে৷

You might also like