লাডাখৰ এলএচিত ৪০ সহস্রাধিক পিএলএ; সেনা প্রত্যাহাৰক লৈ বিশ্বাসঘাতকতা ৰঙা চীনৰ
নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ লাডাখৰ এলএচিত হঠাতে সেনা প্রত্যাহাৰ প্রক্রিয়া স্থগিত কৰিলে চীনে৷ ভাৰত–চীনৰ সামৰিক আৰু কূটনৈতিক আলোচনাৰ অন্তত লাডাখৰ এলএচিৰ পৰা দুয়ো দেশে সেনা প্রত্যাহাৰৰ সহমতত উপনীত হ’লেও চুবুৰীয়া ৰাষ্ট্রখনে সেনা প্রত্যাহাৰৰ প্রক্রিয়া আৰম্ভ কৰি হঠাতে স্থগিত ৰখাৰ তথ্য স্পষ্ট হৈছে৷ যোৱা ১৫ জুনত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত কর্নেলসহ ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতেই উক্ত সীমান্ত অঞ্চলত দুয়ো দেশৰ মাজত উত্তেজনা অব্যাহত আছে৷
দুয়োখন দেশৰ সেনাই লাডাখৰ পূব প্রান্তৰ এলএচিৰ পৰা সেনা প্রত্যাহাৰৰ সহমতত উপনীত হোৱাৰ পিছত চীনে হট স্প্রিংছৰ পৰা নিজ দেশৰ সেনা আঁতৰাই নিছে৷ কিন্তু কৌশলগতভাৱে অতিকে গুৰুত্বপূর্ণ পেংয়ং টিছ’ হ্রদ অঞ্চল আৰু গোগ্রা পোষ্টত এতিয়াও চীনা সৈন্যৰ সমাৱেশ হৈ আছে৷ নতুন দিল্লীক দেখুৱাই বিশ্বাসঘাতক চীনে হট স্প্রিংছৰ পৰা সেনা আঁতৰাই নিলেও এতিয়াও সীমান্তত ৪০ হাজাৰতকৈ অধিক চীনৰ সেনা মোতায়েন হৈ আছে৷ তথ্য মতে, চীনৰ পিএলএ দেপছাং সমতল অঞ্চল, গোগ্রা আৰু পেংয়ং হ্রদ সংলগ্ণ ফিংগাৰ অঞ্চলত এতিয়াও বাহৰ পাতি আছে৷ এই অঞ্চলসমূহৰ পৰা চীনৰ সেনা আঁতৰি যোৱাৰ কোনো ইংগিত দেখা পোৱা নাই৷ চুবুৰীয়া ৰাষ্ট্রখনে পৰিৱেশ সুস্থিৰ কৰাৰ ক্ষেত্রত সেনা প্রত্যাহাৰৰ প্রক্রিয়া আৰম্ভ কৰাৰ পৰিৱর্তে ৪০ হাজাৰতকৈ অধিক সেনা মোতায়েন কৰি ৰাখিছে উক্ত অঞ্চলত৷ বায়ু প্রতিৰক্ষা ছিষ্টেম, যুদ্ধাস্ত্রৰে সমৰসজ্জা গঢ়ি ৰাখিছে চীনে৷
উল্লেখ্য যে লাডাখৰ গালৱানত দুই দেশৰ সেনাৰ মাজত সংঘাতে উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰি ৰখাৰ সময়ত সামৰিক আৰু কূটনৈতিকভাৱে সীমান্তৰ পৰিস্থিতি স্থিৰ কৰিবলৈ দুয়ো দেশৰ মেজৰ জেনেৰেল পর্যায়ৰ সেনা বিষয়াৰ মাজত কেইবাখনো বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকসমূহত দুয়ো দেশে উক্ত অঞ্চল সুস্থিৰ কৰাৰ বাবে মত প্রকাশ কৰে যদিও কার্যতঃ চীনে এইক্ষেত্রত দুমুখীয়া চৰিত্র দেখুৱাই আছে৷ সহমতত উপনীত হৈও চীনে হঠাতে সেনা প্রত্যাহাৰ প্রক্রিয়া বন্ধ ৰখাক লৈ অঞ্চলটোৰ পৰিৱেশ পুনৰ উত্তেজনাময় হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে চীনা কর্তৃপক্ষৰ সৈতে ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আলোচনা চলাই অঞ্চলটোত পৰিৱেশ সুস্থিৰ কৰিবলৈ হ’লে দুয়ো দেশে সেনা আঁতৰ কৰিব লাগিব বুলি দৃঢ়ভাৱে মত প্রকাশ কৰিছিল৷ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা ডোভালে চীনৰ বৈদেশিক মন্ত্রী ৱাং য়িৰ সৈতে বার্তালাপ কৰি সংঘর্ষস্থলী গালৱান উপত্যকা, ফিংগাৰ এৰিয়া (পেংয়ং) আৰু পেট্র’লিং পইণ্ট ১৭ আৰু ১৭ কৰ পৰা সেনা প্রত্যাহাৰৰ আহ্বান জনাইছিল৷ এই আলোচনাৰ পিছত চীনৰ পি এল এ ফিংগাৰ–৪ৰ আন্তঃগাঁথনি আঁতৰ কৰি ফিংগাৰ–৫লৈ আঁতৰি যায় যদিও এলএচিৰ সমীপত বিবদমান ভূমিৰ পৰা চীনা সৈন্য আঁতৰি যোৱা প্রক্রিয়া আৰম্ভ কৰা নাই৷
চীনে কার্যতঃ হট স্প্রিঙৰ পৰা সেনা আঁতৰ কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে যদিও কৌশলগতভাৱে গুৰুত্বপূর্ণ পেংয়ং হ্রদ আৰু গোগ্রা পোষ্টৰ পৰা পিএলএৰ জোৱান আঁতৰ কৰাৰ কোনো ইংগিত দিয়া নাই৷ আনপিনে চীনৰ আগ্রাসী ভূমিকাক লৈ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চিডিএছ বিপিন ৰাৱটে আমেৰিকা যুক্তৰাষ্ট্রৰ নিৰাপত্তা উপদেষ্টা আৰু চিডিএছৰ সৈতে বার্তালাপ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রই লাডাখৰ এলএচিত চীনৰ আগ্রাসী কার্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পৰিস্থিতিক লৈ সূক্ষ্ম নিৰীক্ষণ চলি থকা বুলিও মন্তব্য কৰিছে৷ তাৎপর্যপূর্ণ যে চীনক প্রত্যাহ্বান জনোৱাৰ লক্ষ্যৰে অলপতে আন্দামান দ্বীপপুঞ্জৰ উপকূলত বিশ্বৰ সর্ববৃহৎ পাৰমাণৱিক শক্তিৰে সম্পন্ন যুদ্ধ বিমান পৰিবাহী আমেৰিকাৰ যুদ্ধ জাহাজ ই এছ এছ নিমিটজৰ সৈতে ভাৰতীয় নৌসেনা বাহিনীয়ে সামৰিক অনুশীলন চলাইছে৷