৭৭ শতাংশৰে শীৰ্ষত পিএম মোদী
🔷 বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাত শীৰ্ষস্থান দখল
বিশেষ বাৰ্তা, ১১ জুনঃ জো বাইডেন, ঋষি সুনক আৰু আন বহু উন্নত দেশৰ ৰাষ্ট্ৰনেতাক পিছ পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ ৭৭ শতাংশ অনুমোদন ৰেটিং লাভ কৰি বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। মৰ্নিং কনছাল্টৰ দ্বাৰা সংকলিত গ্ল’বেল লীডাৰশ্বিপ এপ্ৰ’ভেল প্ৰজেক্ট ২০১৯ চনৰ আগষ্ট মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা পি এম মোদীয়ে ধাৰাবাহিকভাৱে ৭১ শতাংশৰ ওপৰত অনুমোদন ৰেটিং অটুট ৰাখিছে। ২০২২ চনৰ পৰা পি এম মোদীৰ ৰেটিং ৭৫ শতাংশৰ ওপৰত। ৰেটিং প্ৰতিবেদন অনুসৰি, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰডোকে ধৰি আন নেতাসকলতকৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰেটিং বহু বেছি। ৰেটিং কচৰতৰ বাবে ২২গৰাকী বিশ্ব নেতাৰ সমীক্ষাত উল্লেখ কৰা হৈছে যে ২২খন ডাঙৰ দেশৰ নেতাৰ ভিতৰত মাত্ৰ চাৰিগৰাকী বিশ্ব নেতাৰ ক্ষেত্ৰত ৫০ শতাংশতকৈ অধিক অনুমোদন ৰেটিং আছে। ২০২৩ চনৰ ৩০ মে’ৰ পৰা ৬ জুনলৈকে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত শেহতীয়া অনুমোদন ৰেটিং দিয়া হৈছে। মৰ্নিং কনছাল্টৰ মতে, এই ৰেটিংসমূহ দৈনিক অনলাইনত অনুষ্ঠিত হোৱা ২০ হাজাৰৰো অধিক বিশ্বব্যাপী সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। স্মৰণীয় যে ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘মৰ্নিং কনছাল্ট’ৰ সমীক্ষা অনুসৰি পি এম মোদী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় বিশ্ব নেতা হিচাপে পৰিগণিত হৈছিল।