নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিত্যক্ত গাড়ীত আৰক্ষী-আয়কৰে পালে ৫২ কেজি সোণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ডিচেম্বৰঃ মধ্যপ্রদেশৰ ৰাজধানী ভূপালৰ এখন অৰণ্যত অভিযান চলাই কোটি কোটি টকা উদ্ধাৰ কৰিলে আয়কৰ বিভাগে৷ অৰণ্যত এখন পৰিত্যক্ত গাড়ীৰ পৰাই উদ্ধাৰ হৈছে এই বৃহৎ অংকৰ ধনৰাশি৷ আয়কৰ বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি অকল নগদ ধনেই নহয়, ৫২ কিলোগ্রাম সোণো পোৱা গৈছে গাড়ীখনৰ ভিতৰত৷ ভূপালৰ মেণ্ডোৰিৰ সমীপৰ অৰণ্যত এখন গাড়ী পৰিত্যক্ত অৱস্থাত দেখা বুলি গোপন সূত্রৰ পৰা খবৰ পোৱাৰ পিছতে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয়৷ তালাচী চলোৱাৰ সময়ত গাড়ীৰ ভিতৰত মুঠ ১০ কোটি টকা উদ্ধাৰ হৈছে৷ ইয়াৰ উপৰি ৫২ কিলোগ্রাম সোণৰ বিস্কুটো উদ্ধাৰ হৈছে গাড়ীখনৰ ভিতৰত৷ আৰক্ষীয়ে আয়কৰ বিভাগক খবৰ দি জব্দ হোৱা ধন আৰু সোণ গতাই দিয়ে৷ স্মর্তব্য যে যোৱা দুদিন ধৰি ভূপালৰ বিভিন্ন স্থানত আয়কৰ বিভাগ আৰু লোকায়ুক্ত আৰক্ষীয়ে যৌথভাৱে তালাচী চলাই আছে৷

You might also like