ৰে’লত সুন্দৰী মহিলাৰ সৈতে নৃত্য কৰি বিপদত আৰক্ষী
বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : মুম্বাইৰ মধ্য ৰে’লৱেৰ স্থানীয় ৰে’লত সুন্দৰী মহিলাৰ সৈতে নৃত্য কৰি বিপদত পৰিছে এগৰাকী আৰক্ষী বিষয়া৷ এছ এফ গুপ্তা নামৰ আৰক্ষী বিষয়াজনে ৰে’লত মহিলাৰ সৈতে নৃত্য কৰাৰ ভিডিঅ’ ছ’চিয়েল মাধ্যমত ভাইৰেল হোৱাৰ পিছতে শীর্ষ আৰক্ষী বিষয়াই গুপ্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ পদক্ষেপ লৈছে৷ স্থানীয় ৰে’লৰ দ্বিতীয় শ্রেণীৰ দবা এটাত যোৱা ৬ ডিচেম্বৰৰ নিশা ১০ বজাৰ পৰা ১০.১৫ বজাৰ মাজত বিষয়াগৰাকীয়ে এজন গৃহৰক্ষীক নিৰাপত্তাৰ দায়িত্ব দি নৈশ ভ্রমণ কৰা মহিলাগৰাকীৰ সৈতে নৃত্যত মগ্ন হৈ পৰে৷ ভিডিঅ’টো ছ’চিয়েল মাধ্যমযোগে প্রচাৰ হোৱাৰ পিছত মণ্ডলৰ ৰে’লৱে প্রবন্ধকে আৰ পি এফক শীঘ্রে বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে৷ সেই মর্মে গুপ্তাৰ ভিডিঅ’ নিৰীক্ষণ কৰাৰ লগতে গুপ্তাক সোধা–পোছা কৰি আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিব৷