নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ কোটি টকাৰ সোণসহ বেংগালুৰু বিমানবন্দৰত গ্রেপ্তাৰ জনপ্রিয় অভিনেত্রী

🔹 ১৫ দিনত চাৰিবাৰকৈ ডুবাই ভ্রমণ ৰাণিয়া ৰাওৰ

নিউজ ডেস্ক, ৬ মার্চ : সোণৰ চোৰাং ব্যৱসায় কৰাৰ অভিযোগত কানাড়া অভিনেত্রী ৰাণিয়া ৰাওক বেংগালুৰুৰ কেম্পেগৌড়া আন্তর্জাতিক বিমানবন্দৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছে৷ ৰাজহ অনুসন্ধান সঞ্চালকালয়ৰ সূক্ষ্ম নিৰীক্ষণত থকা জনপ্রিয় অভিনেত্রী ৰাওক ডুবাইৰ পৰা আহি বেংগালুৰুৰ কেম্পেগৌড়া আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই গ্রেপ্তাৰ কৰে৷ অভিনেত্রীগৰাকীৰ পৰা বিদেশৰ পৰা অনা ১২.৫ কোটি টকাৰ সোণ জব্দ কৰে৷ ইতিপূর্বে সোণৰ চোৰাং ব্যৱসায়ত জড়িত বুলি নিৰীক্ষণত ৰখা জনপ্রিয় অভিনেত্রীগৰাকীক বিমানবন্দৰত পৰীক্ষণ চলোৱাত বেল্ট আৰু কাপোৰত সোণৰ বিস্কুট উদ্ধাৰ কৰে৷ জেকেটৰ ভিতৰতো কেইবাখনো সোণৰ বিস্কুট পৰীক্ষণৰ সময়ত ওলাই পৰে৷ ১৪.৮ কিলোগ্রাম সোণ কঢ়িয়াই অনা অভিনেত্রীগৰাকীয়ে নিজকে ডিজিপিৰ কন্যা হিচাপেও চিনাকি দিয়ে৷ মন কৰিবলগীয়া যে ৰাজহ অনুসন্ধান সঞ্চালকালয়, চমুকৈ ডিআৰআয়ে প্রকাশ কৰা মতে, ৩৩ বছৰীয়া জনপ্রিয় অভিনেত্রী ৰাও কর্ণাটক ৰাজ্যিক আৰক্ষী গৃহ নিগমৰ ডিজিপি ৰামচন্দ্র ৰাওৰ সতীয়া কন্যা৷ ডিআৰআয়ে কিছুদিন ধৰি অভিনেত্রী ৰাওৰ চাল–চলন নিৰীক্ষণ কৰি আহিছে৷ উল্লেখ্য যে ৰাজহ অনুসন্ধান সঞ্চালকালয়ে প্রকাশ কৰা মতে, অভিনেত্রী ৰাও-এ ডুবাইলৈ অতি সঘনে অহা–যোৱা কৰি থাকে৷ ১৫ দিনত চাৰিবাৰকৈ ডুবাই ভ্রমণ কৰিছে অভিনেত্রীগৰাকীয়ে৷ সঘনাই স্বামীৰ সৈতে ইউএইলৈ ভ্রমণ কৰা অভিনেত্রী ৰাওৰ স্বামীৰ কোনো ব্যৱসায়িক সম্পর্ক নাছিল দেশখনত৷ ইয়াৰ পৰিপ্রেক্ষিততে অভিনেত্রীগৰাকীৰ ডুবাই আহ–যাহক লৈ সন্দেহ ঘনীভূত হয় ডিআৰআইৰ৷ ডুবাইৰ পৰা বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰি প্রায়েই অভিনেত্রীগৰাকীয়ে আৰক্ষী–কনিষ্টবলৰ সহায়ত পৰীক্ষণৰ পৰা ৰেহাই পাই আহিছিল৷ সোমবাৰেও নিশা একেই পদ্ধতিৰে অভিনেত্রীগৰাকীয়ে বিমানবন্দৰৰ পৰা পৰীক্ষণ নকৰাকৈ ওলাই যাব বিচাৰে যদিও ডিআৰআয়ে অভিনেত্রীগৰাকীক বাধা প্রদান কৰে আৰু বৃহৎ পৰিমাণৰ সোণৰ বিস্কুটৰ সৈতে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বিমানবন্দৰত গ্রেপ্তাৰ কৰাৰ পাছত ডিআৰআয়ে অভিনেত্রীগৰাকীৰ বেংগালুৰুৰ বাসগৃহত অভিযান চলাই ২.০৬ কোটি টকাৰ সোণ জব্দ কৰাৰ লগতে ২.৬৭ কোটি টকা নগদ উদ্ধাৰ কৰে৷

You might also like