গুজৰাটৰ পোৰবন্দৰত ইছলামিক ষ্টেটৰ ঘাটি উৎখাত
📌 মহিলাসহ ৪ আইছিছ কর্মীক গ্রেপ্তাৰ এটিএছৰ
বিশেষ বাৰ্তা, ১০ জুনঃ গুজৰাট আৰক্ষীৰ সন্ত্রাসবিৰোধী স্কোৱাড (এটিএছ)–এ ৰাজ্যখনৰ উপকূলীয় চহৰ পোৰবন্দৰত ইছলামিক ষ্টেটৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে ৷ এ টি এছে অভিযান চলাই কাশ্মীৰৰ পৰা অহা তিনি যুৱক আৰু চুৰাটৰ পৰা অহা এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে ৷ মহিলাসহ চাৰি আইছিছ কর্মীয়ে আফগানিস্তানলৈ সাগৰেৰে পলায়নৰ পৰিকল্পনা কৰি থাকোঁতেই গুজৰাট আৰক্ষীৰ এ টি এছে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বিশেষ গোপন সূত্রৰ আধাৰত গুজৰাট আৰক্ষী এ টি এছে পোৰবন্দৰত অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অভিযানৰ সময়ত এ টি এছে ইছলামিক সাহিত্য, ম’বাইল ফোন আৰু অনেক গোপনীয় তথ্য থকা টেবলেট জব্দ কৰিছে ৷ পোৰবন্দৰত শ্রমিক হিচাপে কাম কৰি থাকি তাৰ পৰাই চাৰি আইছিছ কর্মীয়ে আফগানিস্তানলৈ পলায়নৰ পৰিকল্পনা কৰি আছিল ৷ আৰক্ষীয়ে ধৃত আইছিছৰ কর্মীৰ পৰা অস্ত্রও জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আনপিনে, কাশ্মীৰৰ জুবেৰ মহম্মদ নামৰ যুৱক এজন বর্তমান পলাতক হৈ আছে ৷ এই যুৱকজনৰ সন্ধানত এ টি এছে অভিযান চলাই আছে৷