প’র্টেবল ডিভাইচেৰে চিনাক্ত হ’ব স্তন কর্কট
🔹 কর্কট ৰোগ চিনাক্তকৰণৰ পৰীক্ষণমূলক প্রয়োগ আৰম্ভ
নিউজ ডেস্ক, ১০ নৱেম্বৰ : দেশজুৰি মহিলাৰ স্তন কর্কটত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ স্তনৰ কর্কট চিনাক্তকৰণত বিলম্ব হোৱাৰ বাবেই চিকিৎসাৰ ক্ষেত্রতো জটিলতা আহি পৰে৷ এনে ক্ষেত্রত কর্কট ৰোগ বিশেষজ্ঞ–গৱেষকে মহিলাৰ কর্কট ৰোগ চিনাক্তকৰণৰ ক্ষেত্রত বিশেষকৈ স্তনৰ কর্কট চিনাক্তৰ নতুন সঁজুলি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই স্তন কর্কট চিনাক্তকৰণৰ বাবে পৰীক্ষণমূলক প্রয়োগ আৰম্ভ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই পৰীক্ষণমূলক প্রয়োগ ভাৰতৰ কলকাতাৰ এখন চিকিৎসালয়ত আৰম্ভ কৰিছে৷ প’র্টেবল আলট্ৰাছাউণ্ড ডিভাইচ ব্যৱহাৰ কৰি স্তন কর্কট প্রাৰম্ভিক পর্যায়তে চিনাক্ত কৰিব পাৰিব৷ কলকাতাৰ এছএছকেএম হাস্পতালত পৰীক্ষণমূলকভাৱে এই প’র্টেবল আলট্ৰাছাউণ্ড ডিভাইচ ব্যৱহাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, প’র্টেবল আলট্ৰাছাউণ্ড ডিভাইচটো হৈছে মাত্র ৬ ইঞ্চিৰ এটা যন্ত্র৷ এই যন্ত্রটো ম’বাইল অথবা টেবলেটত সংযোগ কৰা থাকিব৷ এই যন্ত্রই সহজতে স্তন কর্কট চিনাক্ত কৰিব পাৰিব বুলি চিকিৎসকে প্রকাশ কৰিছে৷ পৰীক্ষণমূলকভাৱে এই নতুন ব্যৱস্থাটো আৰম্ভ কৰা চিকিৎসালয়খনৰ কর্কট শল্য চিকিৎসক দ্বীপেন্দ্র সৰকাৰে প্রকাশ কৰা মতে, এই পৰীক্ষাত ৰেডিঅ’লজিষ্টৰ প্রয়োজন নাই৷ অন্য চিকিৎসকক প্রশিক্ষণ দিয়েই এই ডিভাইচটো প্রয়োগ কৰি স্তন কর্কট ধৰা পেলাব পাৰিব৷ এই প্রক্রিয়াটোত কর্কটৰ চিকিৎসক পার্থ বসুৱেও পৰীক্ষণমূলক গৱেষণাত জড়িত হৈ আছে৷ ১৩ মাহ ধৰি গৱেষণাৰ অন্তত বিশ্ব স্বাস্থ্য সংস্থাই চিকিৎসালয়খনৰ এই পৰীক্ষণমূলক প্রয়োগৰ অনুমতি প্রদান কৰিছে৷ এই পৰীক্ষণমূলক প্রয়োগ নিৰীক্ষণ কৰিব ভাবা এট’মিক ৰিছার্চ চেণ্টাৰে৷ ২০২৫ চনৰ শেষলৈকে এই পৰীক্ষণমূলক প্রয়োগ চলিব আৰু ইয়াৰ ফলপ্রসূতাৰ আধাৰত দেশৰ লগতে বিশ্বৰ মহিলাৰ স্তন কর্কট চিনাক্তকৰণত ব্যৱহাৰ কৰা হ’ব৷ দুৰাৰোগ্য কর্কট ৰোগক চিনাক্তকৰণত নতুন প’র্টেবল আলট্ৰাছাউণ্ড ডিভাইচ প্রয়োগৰ সফলতাৰ ওপৰত কর্কট ৰোগীৰ জীৱনো নির্ভৰ কৰিব৷ কিয়নো এই পৰীক্ষণ সফল হ’লে স্তন কর্কটত আক্রান্ত মহিলাৰ প্রাৰম্ভতে চিনাক্ত হৈ সু–চিকিৎসাৰ দ্বাৰা সুস্থ হৈ উঠাৰ সম্ভাৱনা প্রবল হৈ উঠিব৷