ষ্টেডিয়াম সাজু কৰিব পৰা নাই ‘দাৰিদ্ৰ্যপীড়িত’ পাকিস্তানে
🔹 চেম্পিয়নছ ট্ৰফী- ৩৮ দিন বাকী
🔹 অৰ্ধনিৰ্মিত ষ্টেডিয়ামৰ ভিডিঅ’ৰ বাবে হাঁহিয়াতৰ পাত্ৰ পাক
নিউজ ডেস্ক, ১২ জানুৱাৰী : পাকিস্তানে আগন্তুক চেম্পিয়নছ ট্ৰফী আয়োজনৰ দায়িত্ব হেৰুওৱাৰ উপক্রম ঘটিছে৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রতিযোগিতাখন৷ কিন্তু পাকিস্তান ক্রিকেট ব’ৰ্ড (পিচিবি) এতিয়াও প্রতিযোগিতাখন আয়োজনৰ বাবে সম্পূর্ণৰূপে সাজু হোৱা নাই৷ পিচিবিয়ে লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামক প্রতিযোগিতাৰ মূল স্থান হিচাপে চিনাক্ত কৰিছে৷ কিন্তু ষ্টেডিয়ামখনৰ পুনর্নির্মাণৰ কাম এতিয়া প্রায় আধাহে হৈছে৷ পিচিবিৰ এই কার্যত অসন্তুষ্ট আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদৰ বিষয়াসকল৷ চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ বাকী আছে ৪৪ দিন৷ এই সময়ত ষ্টেডিয়ামসমূহৰ পুনর্নির্মাণৰ কাম শেষ পর্যায়ত হ’ব লাগিছিল৷ কিন্তু কামবোৰ লেহেমীয়া গতিত হৈছে৷ কিছুদিন পূর্বে পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে দাবী কৰিছিল যে ষ্টেডিয়ামসমূহৰ পুনর্নির্মাণৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে৷ নির্দিষ্ট সময়ৰ ভিতৰত ষ্টেডিয়ামসমূহ প্রতিযোগিতা আয়োজন কৰিবলৈ সাজু হ’ব৷ কিন্তু লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামৰ ভিডিঅ’ ফুটেজ মুকলি হোৱাত নাকভিৰ দাবীৰ সৈতে মিল নাই। প্রকাশ পোৱা ভিডিঅ’টোত দেখা গৈছে যে গাদ্দাফি ষ্টেডিয়ামৰ পুনর্নির্মাণৰ কাম এতিয়াও সম্পূর্ণ হোৱাৰ পৰা বহু দূৰত৷ সোমবাৰে ষ্টেডিয়াম সংস্কাৰৰ কাম পৰিদর্শন কৰিবলৈ গৈছিল নাকভি৷ পাকিস্তানী সংবাদ মাধ্যমে তেওঁৰ এই ভ্রমণৰ ভিডিঅ’ প্রকাশ কৰে৷ ইয়াৰ পৰা দেখা যায় যে ফিল্ড, গেলাৰী, ক্লাব হাউছ, ড্রেছিং ৰুম সাজু হোৱা নাই৷ ষ্টেডিয়ামৰ কিছু অংশ এতিয়াও ধ্বংসস্তূপ হৈ আছে৷ ২২ ফেব্রুৱাৰীত এই ষ্টেডিয়ামত অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ মেচ অনুষ্ঠিত হ’ব৷ অৱশ্যে পাকিস্তানৰ দুর্বল প্রস্তুতিৰ ভিডিঅ’ প্রকাশ পোৱাৰ পিছতো কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই আইচিচিয়ে৷ তদুপৰি অৰ্ধনিৰ্মিত ষ্টেডিয়ামৰ ভিডিঅ’ৰ বাবে হাঁহিয়াতৰ পাত্ৰও হ’বলগীয়া হৈছে পাক।