নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দহ সন্তানৰ মাতৃক পুৰস্কাৰ ৰাছিয়াতঃ ৰাষ্ট্ৰপতি পুটিনৰ নতুন নিয়ম

বিশেষ বাৰ্তা, ১৯ আগষ্টঃ এইবাৰ অন্ততঃ দহটাকৈ সন্তান জন্ম দিব লাগিব ৰুছ মহিলাসকলে৷ এই কামৰ বাবে পুৰস্কাৰ হিচাপে বৃহৎ পৰিমাণৰ ধন দিব ৰাষ্ট্রপতি পুটিনে৷ ৰাষ্ট্রপতিগৰাকীয়ে নিজেই এই পৰিকল্পনা গ্রহণ কৰিছে৷ ক’ভিড মহামাৰীৰ মাজতে ইউক্রেইনৰ সৈতে যুদ্ধত জড়িত হৈ পৰিছে ৰাছিয়া৷ দেশখনৰ জনসংখ্যা ব্যাপক হাৰত হ্রাস পাইছে৷ গতিকে দেশক জনবহুল কৰি তুলিবলৈ নতুন চিন্তা–চর্চা চলাইছে ৰাষ্ট্রপতিগৰাকীয়ে৷ পুটিনৰ এই নতুন পৰিকল্পনা অনুসৰি দহটাকৈ সন্তান জন্ম দিব লাগিব প্রতিগৰাকী ৰুছ মহিলাই৷ তেওঁলোকৰ দশম সন্তানটোৰ এবছৰ বয়স হোৱাৰ পিছতে এককালীন সাহায্য হিচাপে ধন অগবঢ়াব মহিলাগৰাকীক৷ অৱশ্যে আর্থিক সহায় লাভ কৰাৰ অন্যতম প্রধান চর্ত হ’ব প্রতিটো সন্তান সুস্থ আৰু জীৱিত থাকিব লাগিব৷ ১০ সন্তানৰ মাতৃ হোৱা মহিলা একোগৰাকীক ১ নিযুত ৰুবল অর্থাৎ প্রায় ১৩ লাখ টকা প্রদান কৰা হ’ব৷ এই প্রকল্পৰ নাম দিয়া হৈছে ‘মাদাৰ হিৰোইন’৷ স্মর্তব্য যে ১৯৪৪ চনত তেতিয়াই ছোভিয়েট ইউনিয়নৰ শাসক যোছেফ ষ্টেলিনে এই নিয়ম বলৱৎ কৰিছিল দেশত৷ কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ছোভিয়েট ইউনিয়নৰ জনসংখ্যা অভাৱনীয়ভাৱে হ্রাস পাইছিল৷ ১৯৯১ চনলৈকে এই নিয়ম ছোভিয়েট ইউনিয়নত বলৱৎ আছিল যদিও ছোভিয়েট ইউনিয়ন ভাঙি পৰাৰ পিছত ইয়াৰ বিলুপ্তি ঘটিছিল৷ পুটিনে তাক পুনৰ দেশখনলৈ ওভতাই আনিছে৷

You might also like