নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত কাৰ্গিল বিজয়ৰ ৰূপালী জয়ন্তীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুলাই : কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি লাডাখৰ দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মৃতিসৌধত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৯৯ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ২৫ বছৰ অতিক্ৰম কৰা কাৰ্গিল যুদ্ধৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে বৃহস্পতিবাৰৰ পৰা দ্ৰাছত দুদিনীয়া কাৰ্যসূচীৰ আৰম্ভণি হৈছিল। আজি মোদীৰ উপস্থিতিত দেশপ্ৰেমমূলকভাৱেৰে এই কাৰ্যসূচীৰ সামৰণি পৰে। কাৰ্যসূচীত বৃহৎ সংখ্যক জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়া, বীৰত্ব বঁটা বিজয়ী, প্ৰাক্তন সেনাবাহিনী তথা কাৰ্গিল যুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ পৰিয়ালো উপস্থিত থাকে। জোৱান আৰু তেওঁলোকৰ পৰিয়াল আৰু অন্যান্য সন্মানীয় অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক ‘গুৰ্ডাছ কালচাৰ’অনুষ্ঠানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীয়ে কেৱল লাডাখৰ নহয়, সকলো ভাৰতীয়ৰ সজীৱ সংস্কৃতি, জাতীয় মনোভাৱ,দেশপ্ৰেম প্ৰতিফলনৰ লগতে জাতিক সংজ্ঞায়িত কৰা ঐক্যৰ কথা সুন্দৰভাৱে প্ৰদৰ্শিত কৰে।

You might also like