১১ ৰাজ্যত ৯ ‘বন্দে ভাৰত এক্সপ্রেছ ৰে’ল’ মুকলি প্রধানমন্ত্রীৰ
🔹 সাঙুৰি ল’ব দেশৰ সকলো প্রান্ত
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ সৈতে মিলি গৈছে গতি আৰু আন্তঃগাঁথনি উন্নয়নৰ মান৷ বন্দে ভাৰত ৰে’লৰ জনপ্রিয়তা দ্রুতগতিত বর্ধিত হৈছে আৰু এতিয়ালৈকে ১,১১,০০,০০০ যাত্রীয়ে ভ্রমণ কৰিছে৷ ২৫খন বন্দে ভাৰত এক্সপ্রেছ ৰে’ল চলি আছে আৰু এতিয়া ৯খন নতুনকৈ সংযোজিত হ’ল৷ বেছিদিন নাই, দেশৰ সকলো অংশ এই ৰে’লৰ দ্বাৰা সংযোগ হ’ব৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ১১খন ৰাজ্যক সাঙুৰি ৯খন বন্দে ভাৰত এক্সপ্রেছ ৰে’ল ভার্চুৱেলী মুকলিৰ পূর্বে কালি প্রধানমন্ত্রী মোদীয়ে অভিলাষী আঁচনি বন্দে ভাৰতক লৈ এই মন্তব্য আগবঢ়ায়৷ প্রধানমন্ত্রী মোদীয়ে ভার্চুৱেলী মুকলি কৰা ৯ বন্দে ভাৰত এক্সপ্রেছ ৰে’লকেইখন হৈছে– উদয়পুৰ–জয়পুৰ বন্দে ভাৰত এক্সপ্রেছ, তিৰুনেলভেলী–মাদুৰা, হায়দৰাবাদ–বেংগালুৰু, বিজয়ৱাড়া–চেন্নাই, পাটনা–হাওৰা, কাছাৰগড়–তিৰুৱনন্তপুৰম, ৰুৰকেল্লা–ভুবনেশ্বৰ্, ৰাঁচী–হাওৰা আৰু জামনগৰ–আহমেদাবাদ বন্দে ভাৰত এক্সপ্রেছ৷ এই ৯খন ৰে’লে ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্রপ্রদেশ, কর্ণাটক, বিহাৰ, পশ্চিমবংগ, কেৰালা, ওড়িশা, ঝাৰখণ্ড আৰু গুজৰাটক সাঙুৰি ল’ব৷ বন্দে ভাৰত এক্সপ্রেছ ৰে’লকেইখন মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়– মধ্যবিত্ত শ্রেণী আৰু ভাৰতৰ দুখীয়াৰ সহযাত্রী হিচাপে সবাতোকৈ বিশ্বাসী হৈছে ভাৰতীয় ৰে’লৱে৷ বিশ্বৰ বহু দেশৰ জনসংখ্যাতকৈ প্রতিদিনে ৰে’লত ভ্রমণ কৰা ভাৰতীয় যাত্রীৰ সংখ্যা অধিক৷ কিন্তু দুর্ভাগ্যজনক যে পূর্বৰ চৰকাৰে ভাৰতীয় ৰে’লৱেক আধুনিকীকৰণ কৰিবলৈ গুৰুত্ব দিয়া নাছিল৷ কিন্তু আমাৰ চৰকাৰে ভাৰতীয় ৰে’লৱেক ৰূপান্তৰ কৰাৰ কাৰণে কাম কৰি আছে৷ চন্দ্রযান–৩ৰ সফলতা আৰু জি–২০ সন্মিলনৰ সফলতাই ভাৰতৰ গণতন্ত্র, জনসংখ্যা গাঁথনি আৰু বৈচিত্র্যৰ ক্ষমতাক প্রমাণিত কৰাই নহয়, দেশৰ নাগৰিকক বিশ্বাসী কৰি তুলিছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিগত কেইবা বছৰ ধৰি দেশৰ বহু ৰে’ল ষ্টেচনৰ উন্নয়নৰ কাম হোৱা নাছিল৷ কিন্তু এতিয়া এই ৰে’ল ষ্টেচনসমূহৰ উন্নয়নৰ কাম দ্রুতগতিত চলি আছে৷ আজাদী কা অমৃত কালত এই সকলো ৰে’ল ষ্টেচন বিকশিত হ’ব আৰু ইয়াক অমৃত ভাৰত ষ্টেচন হিচাপে জনা যাব৷ প্রধানমন্ত্রী মোদীয়ে ৯খন বন্দে ভাৰত এক্সপ্রেছ মুকলি কৰাৰ পাছত কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে কয়– বিগত ৯ বছৰত প্রধানমন্ত্রী মোদীৰ দূৰদৃষ্টিৰ বাবেই ৰে’লৱে খণ্ড ৰূপান্তৰিত হৈছে৷ বহু নতুন সুবিধা ৰে’লৱেত অন্তর্ভুক্ত কৰা হৈছে৷ দেশৰ ৰে’লসেৱাক নতুন মানলৈ উত্তৰণ ঘটাইছে বন্দে ভাৰত এক্সপ্রেছে৷