নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’মিনিকাৰ সর্বোচ্চ অসামৰিক সন্মান প্রধানমন্ত্রী মোদীলৈ

🔹 সম্পর্ক শক্তিশালী- ক’ভিড ১৯ত গুৰুত্বপূর্ণ অৱদান

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ আগবঢ়োৱা হৈছে ড’মিনিকাৰ সর্বোচ্চ অসামৰিক সন্মান৷ কেৰিবিয়ান দেশ ড’মিনিকা ভ্রমণৰ পূর্বেই প্রধানমন্ত্রীলৈ এই সন্মান দুয়ো দেশৰ মাজত সম্পর্ক শক্তিশালী কৰা আৰু ক’ভিড–১৯ মহামাৰীৰ সময়ত গুৰুত্বপূর্ণ অৱদান আগবঢ়োৱাৰ বাবে দিয়া হৈছে বুলি ড’মিনিকা চৰকাৰে প্রকাশ কৰিছে৷ ভাৰত–কেৰিকম সন্মিলনৰ সময়ত প্রধানমন্ত্রী মোদীক এই সন্মান আনুষ্ঠানিকভাৱে আগবঢ়াব ড’মিনিকা অৱ কমনৱেলথৰ ৰাষ্ট্রপতি চিলভেনী বার্টনে৷ অহা ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈকে গায়েনাৰ জর্জ টাউনত আয়োজিত ভাৰত–কেৰিকম সন্মিলনত অংশ ল’বৰ বাবে প্রধানমন্ত্রী উক্ত দেশখনত উপস্থিত হ’ব৷ ড’মিনিকা চৰকাৰে বিবৃতিত প্রকাশ কৰা মতে, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ড’মিনিকা কমনৱেলথৰ সর্বোচ্চ অসামৰিক সন্মান ড’মিনিকা এৱার্ড অৱ অনাৰ আগবঢ়োৱা হৈছে৷ তেওঁ ক’ভিড–১৯ মহামাৰীৰ সময়ত ড’মিনিকালৈ আগবঢ়োৱা অৱদান আৰু দুয়ো দেশৰ মাজত সম্পর্ক শক্তিশালীকৰণৰ স্বীকৃতি হিচাপে৷ ড’মিনিকাই আগবঢ়োৱা এই সন্মান গ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে ড’মিনিকা আৰু কেৰিবিয়ান দেশসমূহৰ সৈতে জলবায়ু পৰিৱর্তন আৰু ভূ–ৰাজনৈতিক সংঘাতৰ আন্তর্জাতিক প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ গুৰুত্ব দিব বুলি প্রকাশ কৰিছে৷

You might also like