নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত ক’প–২৮ত প্রধানমন্ত্রী নৰেন্দ্র মোদী

🔹 ২০২৮ চনত ভাৰতত ক’প–৩৩ আয়োজনৰ প্রস্তাৱ প্রধানমন্ত্রীৰ

🔹 ২০৩০ৰ ভিতৰত ৪৫ শতাংশ কার্বন নির্গমন হ্রাসৰ অংগীকাৰ ভাৰতৰ

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলন কপ–২৮ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ডুবাইত অনুষ্ঠিত ২৮সংখ্যক কনফাৰেন্স অৱ দ্য পার্টীজ চমুকৈ কপ–২৮ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে জলবায়ু পৰিৱর্তনক লৈ জলবায়ু সন্মিলনৰ সিদ্ধান্ত সন্দর্ভত দৃঢ় স্থিতি অৱগত কৰে৷ প্রধানমন্ত্রী মোদীয়ে ডুবাইস্থিত কপ–২৮ সন্মিলনত ২০২৮ চনত ভাৰতত কপ–৩৩ অনুষ্ঠিত কৰাৰ বাবেও প্রস্তাৱ আগবঢ়ায়৷ ৰাষ্ট্রসংঘই পেৰিছ জলবায়ু চুক্তিযোগে কার্বন নির্গমন হ্রাস কৰাৰ সিদ্ধান্তত ভাৰতে অহোপুৰুষার্থ কৰি অহাৰ উদাহৰণ হিচাপে প্রধানমন্ত্রী মোদীয়ে কয় যে বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭ শতাংশ থকা ভাৰতে আন্তর্জাতিক কার্বন নির্গমনৰ ক্ষেত্রত ৪ শতাংশতকৈও কম কার্বন নির্গমন কৰি আছে৷ ভাৰতে পৰিৱেশ বিদ্যা আৰু অর্থনীতিৰ মাজত ভাৰসাম্য বর্তাই ৰখাৰ জ্বলন্ত উদাহৰণ দেখুৱাইছে৷ ইপিনে, ২০৩০ চনৰ ভিতৰত ভাৰতে কার্বন নির্গমন ৪৫ শতাংশ হ্রাস কৰাৰ অংগীকাৰবদ্ধ বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ কার্বন নির্গমন হ্রাস কৰাৰ লক্ষ্য লৈ ভাৰতে ২০৭০ চনৰ ভিতৰত জীৱাষ্মবিহীন ইন্ধন ৫০ শতাংশ ব্যৱহাৰেৰে কার্বন নিৰপেক্ষ দেশ হিচাপে পৰিগণিত হ’ব বুলিও কয় প্রধানমন্ত্রীয়ে৷ উল্লেখ্য যে ইউএইৰ ডুবাইত অনুষ্ঠিত কপ–২৮ জলবায়ু সন্মিলনত উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়াৰ সুযোগ প্রদান কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সন্মান প্রদর্শন কৰা হয়৷ ৩০ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই কপ–২৮ সন্মিলনত জলবায়ু পৰিৱর্তন সন্দর্ভত বিতং আলোচনাৰ অন্তত পূর্বৰ সন্মিলনৰ দৰেই সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ ব্রিটেইনৰ ৰজা দ্বিতীয় চার্লছ, ইটালীৰ প্রধানমন্ত্রী জিয়র্জিয়া মেলনী, ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’ন, ব্রিটিছ প্রধানমন্ত্রী ঋষি সুনাক, শ্রীলংকাৰ ৰাষ্ট্রপতি ৰনীল ৱিক্রমসিংঘে, ইউৰোপীয় সংঘৰ অধ্যক্ষ উৰচুলা ভনডাৰ লেয়েনকে ধৰি বিশ্বৰ ১৩০খন দেশৰ শীর্ষ নেতা উপস্থিত থাকে৷

You might also like