নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছৰোৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী

🔹 চন্দ্ৰযান ৩ অৱতৰণ কৰা স্থানৰ নাম ‘শিৱশক্তি’

🔹 ২৩ আগষ্টৰ দিনটো ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’

বিশেষ বাৰ্তা, ২৬ আগষ্ট : ইছৰোৰ চন্দ্ৰযান ৩ অৱতৰণ কৰা স্থানৰ নাম এতিয়াৰে পৰা ‘শিৱশক্তি’। গ্ৰীচৰ পৰা উভতি অহাৰ পাছত শনিবাৰে পুৱা ইছৰোৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘোষণা কৰে। ইয়াৰ উপৰি ২০১৯ চনত চন্দ্ৰযান-২ চন্দ্ৰত স্পৰ্শ কৰা ঠাইখিনিৰ নামো উল্লেখ কৰে। সেইখিনিৰ নাম ৰাখিলে ‘ত্ৰিৰংগা’। তদুপৰি চন্দ্ৰযান ৩ সফলতাৰে অৱতৰণ কৰা ২৩ আগষ্টৰ দিনটো ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপেও ঘোষণা কৰে মোদীয়ে। শনিবাৰে বেংগালুৰুত উপস্থিত হোৱাৰ লগে লগে মোদীয়ে বিজ্ঞানৰ গুণগান গোৱা শুনা গ’ল। ইছৰোৰ চন্দ্ৰ অভিযানৰ সফলতাত উৎফুল্লিত হৈ মোদীয়ে বিমানবন্দৰত অৱতৰণ কৰি ৰাইজৰ আগত চমু ভাষণ দিয়ে। তাতো তেওঁ বিজ্ঞান আৰু বিজ্ঞানীৰ প্ৰশংসা কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী ইছৰোৰ কাৰ্যালয়লৈ ৰাওনা হয়। ইছৰোৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিজ্ঞানীসকলৰ সৈতে চন্দ্ৰযানৰ সফলতাৰ কাহিনীৰ বিষয়ে কথা পাতি মোদী আৱেগিক হৈ পৰে। ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই মোদীয়ে কয় যে ইছৰোৰ বিজ্ঞানীসকলৰ ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমে দেশখনক এনে উচ্চতালৈ লৈ গৈছে, যিটো সাধাৰণ নহয়। চন্দ্ৰযানৰ সফলতাত উৎফুল্লিত হৈ প্ৰধানমন্ত্ৰীয়ে কয়- ‘ভাৰত চন্দ্ৰত উপনীত হৈছে। ইছৰোৱে আমাৰ দেশক গৌৰৱান্বিত কৰিছে। সমগ্ৰ বিশ্বই ভাৰতীয় প্ৰযুক্তি আৰু বিজ্ঞানৰ শলাগ লৈছে। চন্দ্ৰযান-৩ ভাৰতৰ নহয়, মানৱতাৰ সফলতা। ইছৰোৰ সকলো বিজ্ঞানী, কৌশলবিদ আৰু চন্দ্ৰযান ৩ৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছোঁ।’

You might also like