নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীলংকা ভ্ৰমণত ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ সন্মানেৰে সন্মানিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে কলম্বোত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথ, স্বাস্থ্য মন্ত্ৰী নলিন্দা জয়তিছা আৰু মীন মন্ত্ৰী ৰামালিংগম চন্দ্ৰশেখৰকে ধৰি পাঁচগৰাকী শীৰ্ষ মন্ত্ৰীয়ে বিমানবন্দৰত উপস্থিত হৈ তেওঁক বিশেষ আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীক ৰাজ্যিক সন্মানেৰে আদৰণি জনোৱা হয়। স্বতন্ত্ৰ চকত তেওঁক গাৰ্ড অৱ অনাৰ আৰু ২১ বন্দুকৰ চেলুট দিয়া হয়। এয়া আছিল তেওঁৰ চতুৰ্থবাৰ শ্ৰীলংকা ভ্ৰমণ। এইবাৰ প্ৰধানমন্ত্ৰী মোদীক শ্ৰীলংকা মিত্ৰ বিভূষণ বঁটাৰে সন্মানিত কৰা হয়। শ্ৰীলংকাৰ সৈতে বিশেষ বন্ধুত্ব বজাই ৰখা বিদেশী গণ্যমান্য ব্যক্তিক দিয়া শ্ৰীলংকা চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান।

You might also like