দেশবাসীৰ তেজ উতলিছে– কঠোৰ প্রত্যুত্তৰ দিব ভাৰতে
🔹 পেহেলগাম হত্যাকাণ্ডক লৈ প্রধানমন্ত্রী মোদীৰ হুংকাৰ
নিউজ ডেস্ক, ২৮ এপ্রিল : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ পাশৱিক হত্যালীলাৰ পিছত পাকিস্তানলৈ কঠোৰ বার্তা প্রেৰণ কৰি আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কালি ৰেডিঅ’ৰ ‘মন কী বাত’ কার্যসূচীতো প্রধানমন্ত্রী মোদীৰ মুখত শুনিবলৈ পোৱা গ’ল পেহেলগামৰ নৰঘাতকক কঠোৰ শাস্তি বিহাৰ হুংকাৰ৷
পাশৱিক হত্যালীলাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ উপৰি প্রধানমন্ত্রীয়ে কয় যে ১৪০ কোটি ভাৰতীয় ঐক্যবদ্ধ হৈ আছে৷ এই ঐক্যবদ্ধ শক্তিয়ে সন্ত্রাসবাদীক কঠোৰতম শাস্তি বিহিব৷ ‘মন কী বাত’ অনুষ্ঠানৰ প্রথম ৬ মিনিটত প্রধানমন্ত্রীৰ মুখত শুনিবলৈ পোৱা যায় কেৱল পেহেলগাম প্রসংগ৷ প্রধানমন্ত্রীয়ে কয় যে সন্ত্রাসবাদীক কঠোৰ প্রত্যুত্তৰ দিব ভাৰতে৷ প্রতিগৰাকী ভাৰতীয় নিহত লোকৰ পৰিয়ালৰ সৈতে আছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে কার্গিলৰ পৰা কন্যাকুমাৰীলৈ বিয়পিছে শোক আৰু ক্ষোভ৷ এয়া অকল পর্যটকসকলৰ ওপৰত আক্রমণ নহয় বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে দেশৰ শত্রুসকলে ভাৰতৰ আত্মাক আক্রমণ কৰাৰ দুঃসাহস দেখুৱাইছে৷ সন্ত্রাসবাদক পুলিয়ে–পোখাই উভালি পেলোৱাৰ সময় আহিছে বুলিও মোদীয়ে মন্তব্য কৰে৷ লক্ষণীয়ভাৱে পেহেলগামৰ নাৰকীয় হত্যালীলা দেখি দেশবাসীৰ তেজ উতলি উঠিছে বুলিও মন্তব্য কৰে প্রধানমন্ত্রীগৰাকীয়ে৷
সন্ত্রাসবাদীৰ আক্রমণত কোনোৱে নিজৰ পুত্রক হেৰুওৱাৰ বিপৰীতে কোনোবাই নিজৰ ভাতৃ বা কোনোবাই জীৱন সংগীক হেৰুওৱা বুলিও উল্লেখ কৰে মোদীয়ে৷ এই আক্রমণৰ ঘটনাত ১৪০ কোটি ভাৰতীয় শোকদগ্ধ বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে শান্তি ঘূৰি অহা কাশ্মীৰলৈ পুনৰ অশান্ত পৰিৱেশ ঘূৰাই অনাৰ এয়া এক ষড়যন্ত্র৷ সন্ত্রাসবাদীৰ এয়া ভয়ার্ত মনৰ প্রতিফলন বুলিও উল্লেখ কৰে মোদীয়ে৷ কাশ্মীৰলৈ শান্তি ঘূৰি অহাৰ লগে লগে স্কুল–কলেজ খোলাৰ উপৰি গণতন্ত্র মজবুত হৈছিল বুলি প্রধানমন্ত্রীগৰাকীয়ে ‘মন কী বাত’ত উল্লেখ কৰে৷ দেশৰ শত্রু আৰু জম্মু–কাশ্মীৰত শত্রুবোৰে এনে পৰিৱেশক সহ্য কৰা নাছিল বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে কাশ্মীৰত পুনৰ আতংক বিস্তাৰ কৰাৰ বাবে পেহেলগামত চলোৱা হৈছে পাশৱিক হত্যালীলা৷ এই ঘটনাক এক বৃহৎ ষড়যন্ত্র বুলিও অভিহিত কৰে মোদীয়ে৷
এনে পৰিস্থিতিত সন্ত্রাসবাদৰ বিৰুদ্ধে দেশবাসীৰ একতা আটাইতকৈ বৃহৎ শক্তি বুলি পুনৰ উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ ভাৰতীয় লোকসকলৰ মনত এই ঘটনাই যি ক্ষোভৰ উদ্গীৰণ ঘটাইছে, তাক সমগ্র বিশ্ববাসীয়ে দেখিছে বুলিও মন্তব্য কৰে মোদীয়ে৷ ইফালে, এই আক্রমণৰ ঘটনাৰ পিছত বিশ্বৰ বিভিন্ন দেশৰ পৰা ভাৰতলৈ সমবেদনা অহা বুলিও প্রধানমন্ত্রী-গৰাকীয়ে উল্লেখ কৰে৷ সন্ত্রাসবাদীৰ বিৰুদ্ধে ১৪০ কোটি ভাৰতীয়ৰ ঐক্যবদ্ধ শক্তিক বিভিন্ন ধৰণে বিশ্ব নেতৃত্বই সমর্থন কৰিবলৈ আগবাঢ়ি অহা বিষয়টো গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি মোদীয়ে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ পক্ষত থাকিব সমগ্র বিশ্ব৷