নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে ব্রুনেইত প্রধানমন্ত্রী নৰেন্দ্র মোদী

🔹 ৪০ বছৰীয়া দুই দেশৰ কূটনৈতিক সম্পর্ক শক্তিশালী কৰাৰ লক্ষ্য

🔹 বন্দৰ ছেৰী বেগাৱনত মোদীক আদৰণি ৰাজকুমাৰৰ

🔹 শিশুৰ সৈতে হাঁহি–ধেমালি মোদীৰ

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ : প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে দুদিনীয়া ভ্রমণসূচীৰে আজি ব্রুনেইত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত হয় ৷ দ্বীপ ৰাষ্ট্রখনৰ ৰাজধানী বন্দৰ ছেৰী বেগাৱনত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক ৰাজকীয় আদৰণি জনায় ব্রুনেইৰ ৰাজকুমাৰে৷ দেশখনৰ শীর্ষ নেতাৰ সৈতে বৈঠকত মিলিত হৈ ভাৰত আৰু ব্রুনেইৰ ৪০ বছৰীয়া কূটনৈতিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ৰাজধানী চহৰত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক ব্রুনেইৰ ৰাজকুমাৰে ৰাজকীয় আদৰণি জনোৱাৰ পাছত প্রধানমন্ত্রী মোদীক ৰাখিবলগীয়া হোটেললৈ আদৰি নিয়ে৷ হোটেলৰ সমুখত প্রবাসী ভাৰতীয়ই প্রধানমন্ত্রী মোদীক উষ্ম আদৰণি জনায়৷ প্রবাসী ভাৰতীয়ৰ নেতৃত্বৰ কেইবাগৰাকীৰ সৈতে প্রধানমন্ত্রী মোদীয়ে কৰমৰ্দন কৰি অভিবাদন গ্রহণ কৰে৷ ভাৰতীয় পৰম্পৰাৰে প্রধানমন্ত্রী মোদীক আদৰণি জনোৱা প্রবাসী ভাৰতীয়ৰ শিশুসকলৰ সৈতে হাঁহি-ধেমালি কৰে প্রধানমন্ত্রী মোদীয়ে৷ প্রথমবাৰৰ বাবে ভাৰতীয় প্রধানমন্ত্রীক দেখি উল্লসিত হয় প্রবাসী ভাৰতীয়সকল৷ প্রধানমন্ত্রী মোদীয়ে শিশুসকলক অটোগ্রাফ দিয়াৰ লগতে তেওঁলোকৰ সৈতে হাঁহি-ধেমালিৰে বার্তালাপ কৰে৷ প্রবাসী ভাৰতীয়ৰ এজন সদস্যই প্রকাশ কৰা মতে, তেওঁৰ কাৰণে গৌৰৱময় স্মৃতি৷ ব্রুনেইত বাস কৰি থকাৰ সময়তে প্রধানমন্ত্রী মোদী প্রথমবাৰৰ বাবে ইয়ালৈ আহিছে৷ তেওঁলোকৰ বাবে সেয়া অতিকে আনন্দৰ মুহূর্ত৷ এগৰাকী শিশু কন্যাই প্রধানমন্ত্রীক তেওঁৰ ফটো এখন উপহাৰ দিয়ে৷ ইপিনে, প্রধানমন্ত্রী মোদীয়ে আজি ব্রুনেইৰ চুলতান হাজী হাছানল বলকিয়াহৰ বিশ্বৰ বৃহত্তম প্রাসাদৰ আলহী হ’ব৷ ভাৰতৰ বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰা মতে, ব্রুনেই দাৰুছচালামলৈ প্রথমবাৰৰ বাবে প্রধানমন্ত্রী মোদীয়ে দুদিনীয়া ভ্রমণসূচীৰে দেশখনত উপস্থিত হৈছে৷ দুয়োখন দেশে কূটনৈতিক সম্পর্কৰ ৪০ বছৰ উদযাপন কৰিব৷ এই ভ্রমণৰ সময়তে প্রধানমন্ত্রী মোদীয়ে চুলতান হাজী হাছানল বলকিয়াহৰ লগতে ৰাজকীয় পৰিয়ালৰ আন আন সদস্যৰ সৈতে বৈঠকত মিলিত হ’ব৷ প্রতিৰক্ষা সহযোগিতা, বাণিজ্য আৰু বিনিয়োগ, শক্তি, মহাকাশ প্রযুক্তি স্বাস্থ্য, সক্ষমতা নির্মাণ আৰু সাংস্কৃতিক বিষয়কে ধৰি বিভিন্ন খণ্ডত দুয়ো দেশৰ মাজত আলোচনা হ’ব৷ ব্রুনেই ভ্রমণ সামৰি প্রধানমন্ত্রী মোদী ছিংগাপুৰলৈ যাব৷

You might also like