নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেনাব নৈত বিশ্বৰ সর্বোচ্চ ৰে’লৱে দলং উদ্বোধন প্রধানমন্ত্রী মোদীৰ

📌 পাক সন্ত্রাসবাদীৰ নৰসংহাৰৰ পাছত কাশ্মীৰৰ বিকাশত নতুন যুগৰ সূচনা

📌আইফেল টাৱাৰতকৈও সুউচ্চ দলংখনত আছে অত্যাধুনিক প্রযুক্তিৰ কৌশল

নিউজ ডেস্ক, ৭ জুন : কাশ্মীৰৰ চেনাব নদীত বিশ্বৰ সর্বোচ্চ ৰে’লৱে দলং দেশবাসীক অর্পণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মিনি ছুইজাৰলেণ্ড খ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে নৰসংহাৰ চলোৱাৰ পাছত কালি জম্মু–কাশ্মীৰৰ উন্নয়নত নতুন যুগৰ সূচনা কৰি প্রধানমন্ত্রী মোদীয়ে বিশ্বৰ সর্বোচ্চ একক তোৰণ ৰে’লৱে দলঙৰ সমান্তৰালকৈ কাট্টাৰ পৰা শ্রীনগৰলৈ দুখন বন্দে ভাৰত এক্সপ্রেছ ৰে’লৰ শুভাৰম্ভ কৰে৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰে’লপথ সংযোগৰ সপোনক বাস্তৱায়িত কৰাৰ প্রসংগ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে জম্মু–কাশ্মীৰৰ বিকাশৰ ক্ষেত্রত কোনো বাধা আহিলেই প্রথমে তাৰ মুখামুখি মোদী হ’ব বুলি প্রতিশ্রুতি দিয়ে৷ কেন্দ্রীয়শাসিত অঞ্চলটোত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্রাসবাদী কার্যকলাপ আৰু ভাৰতীয় সশস্ত্র সেনাৰ অপাৰেচন সিন্দূৰৰ প্রসংগ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ পাছত জম্মু–কাশ্মীৰবাসীয়ে একতাৰ যি শক্তি দেখুৱালে তাৰ দ্বাৰা কেৱল পাকিস্তান নহয়, সমগ্র বিশ্বৰ সন্ত্রাসবাদীয়ে পালে শক্তিশালী বার্তা৷ আজি ৬ জুন৷ কাকতলীয়ভাৱে এমাহ পূর্বেই পাকিস্তানী সন্ত্রাসবাদীয়ে এই অঞ্চলটোলৈ অন্ধকাৰ নমাইছিল৷ এতিয়া পাকিস্তানে য’তেই অপাৰেচন সিন্দূৰৰ নাম শুনে তেতিয়াই লজ্জাজনক পৰাজয় মনত ৰাখিব৷ পাকিস্তানী সেনা আৰু সন্ত্রাসবাদীয়ে কেতিয়াও কল্পনা কৰা নাছিল যে ভাৰতে পাকিস্তানত প্রৱেশ কৰি সন্ত্রাসবাদীৰ বিৰুদ্ধে এনে বিধ্বংসী আক্রমণ চলাব৷ বছৰ বছৰ ধৰি নির্মাণ কৰা সন্ত্রাসবাদৰ ঘাটি মিনিটতে ভাৰতীয় সেনাই ধূলিৰ সৈতে মিলাই দিছিল৷ জম্মু–কাশ্মীৰৰ জীৱিকা আৰু মানৱতাৰ বিৰুদ্ধে পাকিস্তানে আক্রমণ চলাই আছে৷ কাশ্মীৰৰ একক আত্মা আৰু মানৱতাৰ ওপৰত পাকিস্তানে আক্রমণ চলাইছে৷ ভাৰতীয় সশস্ত্র সেনাই অপাৰেচন সিন্দূৰৰ জৰিয়তে আত্মনির্ভৰ ভাৰতৰ শক্তি দেখুৱালে৷ ইপিনে, জম্মু–কাশ্মীৰক ভাৰত মাতৃৰ মুকুট আখ্যা দি প্রধানমন্ত্রী মোদীয়ে কয় যে মুকুটত বিভিন্ন ধৰণৰ শিল আৰু ৰত্ন থাকে৷ এই ৰত্ন আৰু শিলে জম্মু–কাশ্মীৰৰ জনতাৰ শক্তি আৰু সক্ষমতাৰ প্রতিফলন দেখুৱায়৷ প্রাচীন সংস্কৃতি, আধ্যাত্মিক ঐতিহ্য, প্রাকৃতিক সৌন্দর্য আৰু জম্মু–কাশ্মীৰৰ জনতাৰ উল্লেখনীয় প্রতিভা অমূল্য ৰত্নৰ নিচিনা৷ উল্লেখ্য যে উধমপুৰ–শ্রীনগৰ–বাৰামূলা ৰে’ল সংযোগী প্রকল্পৰ মূল উপাদান হিচাপে চর্চিত বিশ্বৰ সর্বোচ্চ ৰে’লৱে দলংখনে কাশ্মীৰ উপত্যকাৰ সৈতে ভাৰতৰ অন্য প্রান্তক সংযোগ কৰিব৷ শ্রীমাতা বৈষ্ণোদেৱী, কাট্টা আৰু শ্রীনগৰৰ মাজত দুখন বন্দে ভাৰত এক্সপ্রেছ ৰে’লৰ চলাচলৰ শুভাৰম্ভও কৰে মোদীয়ে৷ চেনাব দলং উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়- এতিয়া দেশ–বিদেশৰ পর্যটকে কেৱল কাশ্মীৰ চাবলৈয়ে নাযায়, চেনাব নদীৰ দলংখনো পর্যটকৰ আকর্ষণীয় স্থান হ’ব৷ বিশ্বখ্যাত আইফেল টাৱাৰতকৈও সুউচ্চ চেনাব নদীৰ ৰে’লৱে দলংখনত আছে অত্যাধুনিক প্রযুক্তিৰ কৌশল৷ চেনাব দলংখন ১,৩১৫ মিটাৰ, নদীৰ জলপৃষ্ঠৰ পৰা ৩৫৯ উচ্চতাত নির্মিত৷ স্থাপত্য আৰু অভিযান্ত্রিক কৌশলৰ মিশ্রন এই দলংখন অতি আকর্ষণীয়৷ ভিএছএল ইণ্ডিয়া আৰু এফকন ইনফ্রাষ্ট্রাকচাৰে দক্ষিণ কোৰিয়াস্থিত আল্ট্রা কনষ্ট্রাকচন এন ইঞ্জিনীয়াৰিং কোম্পানীৰ সৈতে অংশীদাৰিত্ব কৰি ডিজাইন আৰু নির্মাণ কৰিছে৷ দেশৰ সবাতোকৈ প্রত্যাহ্বানমূলক আৰু দুর্গম অঞ্চলত নির্মিত এই দলংখনৰ আধাৰশিলা স্থাপনৰ ক্ষেত্রত ডিজাইন প্রস্তুত কৰিছিল আইআইএছ বেংগালুৰু আৰু সহযোগ কৰিছিল আইআইটি দিল্লীয়ে৷

You might also like