প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে ইউক্রেইন ভ্রমণ প্রধানমন্ত্রী মোদীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ আগষ্টঃ প্রথমগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে আজি ইউক্ৰেইনৰ ৰাজধানী কিয়েভত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ পোলেণ্ড ভ্রমণ সামৰি বিশেষ ৰেলেৰে কিয়েভত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক ইউক্রেইন চৰকাৰৰ প্রতিনিধিয়ে আদৰণি জনোৱাৰ পাছত ৰাষ্ট্রপতি ভল’ডিমিৰ জেলেনেস্কিৰ সৈতে মিলিত হয় প্রধানমন্ত্রী মোদী৷ ৰাষ্ট্রপতি জেলেনেস্কিক আলিংগন কৰাৰ পাছত কৰমর্দন কৰে প্রধানমন্ত্রী মোদীয়ে৷ মোদীয়ে জেলেনেস্কিক আলিংগন কৰাৰ সময়ত ৰাষ্ট্রপতিগৰাকী আৱেগিক হৈ পৰে৷ ইয়াৰ পাছতেই প্রধানমন্ত্রী মোদীয়ে জেলেনেস্কিৰ কান্ধত হাত থৈ যুদ্ধত প্রাণ হেৰুওৱা শিশুৰ স্মাৰক পৰিদর্শন কৰে৷ ৰাষ্ট্রপতি জেলেনেস্কিৰ সৈতে যুদ্ধত প্রাণ হেৰুওৱা শিশুৰ স্মাৰক পৰিদর্শন কৰি প্রধানমন্ত্রী মোদীয়ে বোটানিকেল গার্দেনত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কিয়েভত প্রথমবাৰৰ বাবে উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীক ভাৰত মাতা কী জয়ধ্বনিৰে বিপুল আদৰণি জনায় প্রবাসী ভাৰতীয়ই৷ কিছুদিন পূর্বে ৰাছিয়া ভ্রমণ কৰা প্রধানমন্ত্রী মোদীয়ে আজি ইউক্রেইনত উপস্থিত হৈ মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰা আন্তর্জাতিক সংঘাতসমূহ আঁতৰাই ঐক্যতা আৰু সহযোগিতাৰে কাম কৰাৰ বাবে আহ্বান জনায়৷ ইউক্রেইনত ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত দ্বিতীয়টো কার্যকালত প্রধানমন্ত্রী মোদীয়ে দুয়ো দেশৰ মুৰব্বীৰ সৈতে কেইবাবাৰো টেলিফোনিক বার্তালাপ কৰি শান্তিৰ বাতাৱৰণ ওভটাই আনিবলৈ আহ্বান জনাইছিল৷ একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছত নৰেন্দ্র মোদীয়ে ৰাছিয়া ভ্রমণ কৰে আৰু ইয়াৰ পাছত আজি ইউক্রেইনত উপস্থিত হৈছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধৰ অৱসান ঘটোৱাৰ ক্ষেত্রত ভাৰতে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে বুলি বিশ্বজুৰি চর্চা চলি থকাৰ মাজতেই প্রধানমন্ত্রী মোদীৰ দুয়ো দেশ ভ্রমণ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ ইতিহাস সৃষ্টিরে ইউক্রেইণ ভ্রমণ কৰা প্রধানমন্ত্রী মোদীয়ে দেশখনৰ ৰাষ্ট্রপতি জেলেনেস্কিৰ সৈতে দুই দেশক লৈ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷ এই বৈঠকত ৰাজনৈতিক, বাণিজ্য, অর্থনীতি, বিনিয়োগ, শিক্ষা, সাংস্কৃতিক, মানৱীয় সাহায্য আৰু আন বিষয়ক লৈ আলোচনা হ’ব৷ ১৯৯১ত ছোভিয়েত ইউনিয়নৰ পৰা স্বাধীন হোৱা ইউক্রেইনত প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে দেশখন ভ্রমণ কৰে৷