নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৩২টাসহ দেশৰ ৫০৮ ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা প্রধানমন্ত্রী মোদীৰ

🔴 ‘কামো নকৰে, কাম কৰিবও নিদিয়ে’– বিৰোধীক কঠোৰ সমালোচনা মোদীৰ

বিশেষ বাৰ্তা, ৬ আগষ্ট : দেশজুৰি ৫০৮ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ অসমৰ ৩২টাসহ দেশৰ উত্তৰ প্রদেশ, ৰাজস্থান, বিহাৰ, মহাৰাষ্ট্র, পশ্চিমবংগ, মধ্যপ্রদেশ, পঞ্জাব, ওড়িশা, গুজৰাট, তেলেংগানা, ঝাৰখণ্ড, অন্ধ্রপ্রদেশ, তামিলনাডু, হাৰিয়ানা আৰু কর্ণাটকৰ মুঠ ৫০৮টা ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা ভার্চুৱেলী স্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে বিৰোধী ঐক্যক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ যাত্রীৰ বাবে অত্যাধুনিক সা–সুবিধা সন্নিৱিষ্ট থাকিবলগীয়া ২৪,৪৭০ কোটি টকা ব্যয়সাপেক্ষ ৰে’লৱে ষ্টেচনৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রীগৰাকীয়ে বিৰোধীক আক্রমণৰ লক্ষ্য কৰি লয়৷ বিৰোধীক আক্রমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রী মোদীয়ে কয়– দুর্ভাগ্যজনকভাৱে আমাৰ দেশৰ বিৰোধীৰ একাংশই পুৰণি পথকে অনুকৰণ কৰি আছে৷ তেওঁলোকে নিজেও একো নকৰে, আনকো একো কাম কৰিবলৈ নিদিয়ে৷ দেশে আধুনিক সংসদ ভৱন নির্মাণ কৰিলে৷ সংসদ হৈছে দেশৰ গণতন্ত্রৰ প্রতীক৷ ই শাসকীয়কে ধৰি বিৰোধীকো প্রতিনিধিত্ব কৰে৷ কিন্তু বিৰোধীৰ এটা গোটে নতুন সংসদ ভৱন নির্মাণক লৈও আপত্তি কৰিছে৷ আমি কর্তব্য পথ পুনৰ বিকশিত কৰিছোঁ ৷ তাতো তেওঁলোকে আপত্তি কৰিছে৷ ৭০ বছৰ ধৰি তেওঁলোকে দেশৰ সাহসী যোদ্ধাৰ বাবে যুদ্ধ স্মাৰক নির্মাণ কৰিব নোৱাৰিলে৷ আমি যেতিয়া ৰাষ্ট্রীয় যুদ্ধ স্মাৰক নির্মাণ কৰিলোঁ তেতিয়াও তেওঁলোকে ৰাজহুৱাভাৱে সমালোচনা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে ৷ চর্দাৰ বল্লভ ভাই পেটেলৰ ষ্টেচু অৱ ইউনিটী বিশ্বৰ সর্বোচ্চ উচ্চতাত নির্মিত৷ প্রতিগৰাকী ভাৰতীয়ই ইয়াক লৈ গৌৰৱ কৰে৷ কিন্তু একাংশ ৰাজনৈতিক দলৰ ডাঙৰ নেতাই এতিয়াও ষ্টেচু ভ্রমণ কৰা নাই৷ তেওঁলোকে ঋণাত্মক ৰাজনীতি কৰি আছে৷ আমি ইতিবাচক ৰাজনীতিৰ পথেৰে আগবাঢ়ি যোৱাৰ মিছন লৈছোঁ ৷ বিৰোধীক সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়– আজি সমগ্র বিশ্বই ভাৰতৰ ওপৰত দৃষ্টি ৰাখিছে৷ আন্তর্জাতিক স্তৰত ভাৰতৰ সন্মান বাঢ়িছে৷ বিশ্বৰ দৃষ্টিভংগী ভাৰতৰ প্রতি সলনি হৈছে৷ ইয়াৰ দুটাই প্রধান কাৰণ৷ এক, প্রায় ৩০ বছৰৰ পাছত ভাৰতীয়ই পূর্ণাংগ সংখ্যাগৰিষ্ঠ চৰকাৰ আনিছিল৷ দুই, পূর্ণাংগ সংখ্যাগৰিষ্ঠ চৰকাৰে প্রত্যাহ্বানৰ সন্মুখীন হৈ স্থায়ী সমাধানৰ বাবে ধাৰাবাহিকভাৱে গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে আৰু কাম কৰি আছে৷ ইপিনে, জনতাৰ কাৰণে যাতায়াতৰ ক্ষেত্রত ৰে’লক অধিক প্রাধান্য দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে ৰে’ল ষ্টেচনসমূহ বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে এই ষ্টেচনসমূহ নির্মাণৰ ক্ষেত্রত স্থানীয় সংস্কৃতি, ঐতিহ্য আৰু স্থাপত্যক গুৰুত্ব দিয়া হ’ব বুলি কয় ৷ উল্লেখ্য যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১,৩০৯ ষ্টেচন পুনৰ উন্নয়ন কৰা হ’ব৷ ইয়াৰ অংশ হিচাপেই আজি প্রধানমন্ত্রী মোদীয়ে ৫০৮টা ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে৷

You might also like