নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক ৰঙাচকু দেখুৱাই অৰুণাচলত চেলা পাছ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ মাৰ্চঃ পূব লাডাখত চীনৰ সৈতে চাৰি বছৰীয়া সীমা সংঘাত সম্পূৰ্ণ হ’বলৈ ওলাইছে। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ চীনৰ সমীপৰ ছেলা সুৰংগ উদ্বোধন কৰে। তেজপুৰৰ পৰা টাৱাং সংযোগী পথত পশ্চিম কামেং জিলাৰ ১৩,৭০০ ফুট উচ্চতাত থকা ৮২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সুৰংগটো। ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে। ছেলা সুৰংগ ভাৰতৰ সৰ্বোচ্চ পাহাৰীয়া সুৰংগ পথ যিয়ে ভাৰতীয় সেনাক অৰুণাচল প্ৰদেশৰ দুয়োখন দেশৰ বিবাদিত সীমান্তৰ সৈতে সৰ্ববতৰ সংযোগ বজাই ৰখাত সহায় কৰিব। এই সুৰংগ প্ৰকল্পটো সীমান্ত পথ সংস্থাই (BRO) সম্পন্ন কৰিছে, য’ত দুটা সুৰংগ আৰু এটা লিংক ৰোড অন্তৰ্ভুক্ত কৰা হৈছে। টানেল-১ হ’ব ৯৮০ মিটাৰ দীঘল একক টিউব, টানেল-২ হব ১৫৫৫ মিটাৰ দীঘল আৰু যাতায়াতৰ বাবে বাই-লেন টিউব আৰু জৰুৰীকালীন সেৱাৰ বাবে এটা হ’ব। এই সুৰংগ দুটাৰ মাজৰ লিংক ৰোড ১২০০ মিটাৰ দীঘল হ’ব। এই সুৰংগ অৰুণাচল প্ৰদেশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ভাৰতীয় সেনাৰ বাবেও ই অতি সহায়ক বুলি প্ৰমাণিত হ’ব। এই সুৰংগৰ জৰিয়তে চীন সীমান্তত সেনাৰ চলাচল দ্ৰুত হ’ব আৰু ড্ৰেগন দেশৰ সৈতে ভাৰতৰ প্ৰৱেশ আৰু সহজ হৈ পৰিব। বিশেষ কথাটো হ’ল চীনৰ সীমান্তৱৰ্তী টাৱাঙলৈ সৰ্ববতৰৰ সংযোগ প্ৰদান কৰিবলৈ সক্ষম হ’ব চেলা সুৰংগই। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ৰ ওচৰত থকাৰ বাবে ছেলা সুৰংগ ভাৰতীয় সেনাৰ বাবে কৌশলগতভাৱে সহায়ক বুলি প্ৰমাণিত হ’ব। এই সুৰংগটোৱে টাৱাঙক অৰুণাচল প্ৰদেশৰ সেই অংশসমূহৰ সৈতে সংযোগ কৰে যিবোৰ প্ৰায়ে তুষাৰপাত বা ভূমিস্খলনৰ বাবে বন্ধ হৈ আছিল। ইয়াৰ নিৰ্মাণৰ পিছত টাৱাং জিলাৰ প্ৰৱেশ অক্ষত থাকিব। চেলা সুৰংগ সন্দৰ্ভত এজন বিষয়াই কয় যে ইয়াৰ ভিতৰত বহু ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা মহামাৰীৰ বাবে এই সুৰংগ নিৰ্মাণত পলম হৈছিল। এই সুৰংগ নিৰ্মাণৰ পিছত টাৱাং যোগে চীনৰ সীমান্তৰ দূৰত্ব ১০ কিলোমিটাৰ হ্ৰাস পাব।

You might also like