নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ মৰ্নিং কনছাল্টৰ গ্ল’বেল লিডাৰ এপ্ৰ’ভেল ৰেটিঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধিপত্য অব্যাহত ৰাখিছে। ৭৬ শতাংশ অনুমোদন ৰেটিং লাভ কৰি বিশ্বৰ ২২জন জনপ্ৰিয় নেতাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই তালিকাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। মৰ্নিং কনছাল্টৰ ৰেটিঙত ৬৬ শতাংশ অনুমোদন ৰেটিং লাভ কৰি মোদীৰ পিছতে দ্বিতীয় স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰ। আনহাতে তৃতীয় স্থানত থকা ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি এলেন বাৰ্চেটে ৫৮ শতাংশ অনুমোদন ৰেটিং লাভ কৰিছে। লগতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই ৪৯ শতাংশ ৰেটিং লাভ কৰিছে চাৰি নম্বৰত। পঞ্চম স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ৪৭ শতাংশ ৰেটিং লাভ কৰিছে। তালিকা অনুসৰি মোদী ৭৬%, লোপেজ ওব্ৰাডৰ ৬৬%, লুলা দা চিলভা ৪৯%, আলবানিজ ৪৭%, মেলোনি ৪১%, বাইডেন ৩৭%, ছানচেজ ৩৭%, ট্ৰুডো ৩১%, সুনক ২৫% আৰু মেক্ৰন ২৪%।

#বাৰ্তা ডেস্ক

You might also like