নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রিজন মিৰৰ : কাৰাগাৰৰ সংবাদ পত্রৰ ১৩৭ বছৰ অতিক্রম

🔹 জে’লৰ বন্দীয়ে দীর্ঘদিন ধৰি লিখি আহিছে নিজৰ অভিজ্ঞতাৰ কথা

নিউজ ডেস্ক, ২২ অক্টোবৰ : বিংশ শতাব্দীৰ আৰম্ভণিতে আমেৰিকাত সংবাদ পত্রৰ সংখ্যা আছিল ২৪ হাজাৰ৷ কিন্তু ২০০৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বন্ধ হৈ গৈছে প্রায় ৩ হাজাৰ সংবাদ পত্র৷ বর্তমান সময়ত প্রায় ৬ হাজাৰ সংবাদ পত্র দেশখনত চলি আছে যদিও ইয়াৰ অধিকসংখ্যকে সাপ্তাহিক৷ ইয়াৰ উপৰি বেছিভাগ কাকত এতিয়া ডিজিটেল মাধ্যমত প্রকাশিত হোৱাৰ বাবেও সংবাদ পত্র পঢ়া লোকৰ সংখ্যা হ্রাস পাইছে৷ কোভিড অতিমাৰীৰ সময়ত পৃথিৱীজুৰি সংবাদ পত্র তথা আলোচনীৰ বজাৰখনত ভয়াৱহ প্রভাৱ পৰে৷ বহু সংবাদ পত্র বন্ধ হৈ পৰে কোভিড অতিমাৰীৰ সময়ত৷ কিন্তু ইয়াৰ মাজতো আমেৰিকাত এখন সংবাদ পত্রক লৈ সৃষ্টি হৈছে আলোড়ন৷ ক্ষুদ্র সংবাদ পত্র এখনে পাৰ কৰিছে ১৩৭ বছৰ৷ ‘প্রিজন মিৰৰ’ নামৰ এই কাকতখন প্রকাশ হয় আমেৰিকাৰ মিনেছটা প্রদেশৰ ষ্টীলৱাটাৰ নামৰ এখন কাৰাগাৰৰ পৰা৷ সংবাদ পত্রখনৰ প্রথম সংখ্যাটো প্রকাশ হৈছিল ১৮৮৭ চনত৷ আমেৰিকাত বিভিন্ন কাৰাগাৰৰ পৰা প্রকাশিত কাকতবোৰৰ ভিতৰত এইখনেই আটাইতকৈ পুৰণি৷ লক্ষণীয়ভাৱে, সংবাদ পত্রখনত কাৰাগাৰৰ বন্দীসকলেই লিখা–মেলা কৰে৷ বন্দীসকলে নিজৰ অভিজ্ঞতা তথা তেওঁলোকৰ সমস্যাৰ কথা ইয়াত লিখে৷ সেইদৰে বিভিন্ন অঞ্চল, দেশ তথা সমগ্র পৃথিৱীৰ খবৰো কাকতখনত থাকে৷ বন্দীসকলে ‘প্রিজন মিৰৰ’ত লিখে বিভিন্ন আইনৰ বিশ্লেষণ আৰু গ্রন্থ সমালোচনাও৷ লেখাসমূহ ছপা কৰাৰ বাবে প্রতিযোগিতা হয়৷ ছপাৰ বাবে কোনটো লেখা যোগ্য, সেয়া নির্ণয় কৰিবলৈ প্রতিযোগিতাৰ আয়োজন কৰা হয়৷ কাকতখনৰ এগৰাকী সম্পাদক হ’ল পল গর্ডন৷ যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত পল গর্ডনে ‘প্রিজন মিৰৰ’ৰ সম্পাদকীয় লিখি আহিছে৷ যিবোৰ বিষয় গুৰুত্বপূর্ণ বুলি গর্ডনে অনুভৱ কৰে৷ সেইবোৰ ভৱিষ্যৎ প্রজন্মৰ বাবে লিখি থৈ যোৱাৰ চেষ্টা চলাইছে৷ কাৰাবাস খাটি ইতিমধ্যে মুক্তি পোৱা জ্যেষ্ঠ সম্পাদক পেট্রিক বোংগাই ‘প্রিজন মিৰৰ’ত আনৰ দৃষ্টিভংগী বুজি পাবলৈ প্রথম কাম কৰিবলৈ লৈছিল৷ বর্তমান অপৰাধ প্রৱণতাৰ পৰা মানুহ কেনেদৰে মুক্ত হ’ব লাগে সেই সন্দর্ভত লিখা–মেলা কৰি আছে বোংগাই৷ স্মর্তব্য যে ৩০ বছৰ পূর্বে আমেৰিকাত কাৰাগাৰৰ পৰা প্রকাশিত সংবাদ পত্রৰ সংখ্যা আছিল ছখন৷ কিন্তু বর্তমান সেই সংখ্যা ২৫লৈ বৃদ্ধি পাইছে৷

You might also like