হিন্দু-মুছলমানৰ বিভাজনৰ বাবেই পেহেলগাম কাণ্ড, প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ৱদ্ৰাৰ বিতৰ্কিত মন্তব্য
নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে। এই আক্ৰমণক শাসক-বিৰোধী দলৰ সকলো নেতাই তীব্ৰ সমালোচনা কৰিছে। ইফালে এই বিষয় সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ৱদ্ৰাই এক বিতৰ্কিত বক্তব্য আগবঢ়াইছে।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত ৰবাৰ্ট ৱদ্ৰাই কয় যে এই আক্ৰমণত প্ৰাণ হেৰুওৱা ২৮ জন লোকক মই মোৰ শ্ৰদ্ধাঞ্জলি জনাইছো। লগতে বিতৰ্কিত বক্তব্য দি তেওঁ কয় যে দেশৰ পৰিৱেশৰ বাবেই এই আক্ৰমণ সংঘটিত হৈছে। তেওঁ কয়, “মোৰ বৰ বেয়া লাগিছে আৰু এই সন্ত্ৰাসবাদী কাৰ্য্যত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি মোৰ গভীৰ শোক প্ৰকাশ কৰিছো। আমাৰ দেশত আমি দেখিবলৈ পাওঁ যে এই চৰকাৰে হিন্দুত্বৰ কথা কয় আৰু সংখ্যালঘুসকলে অস্বস্তি আৰু বিচলিত অনুভৱ কৰে।”
তেওঁ আৰু কয়, “যদি আপুনি এই সন্ত্ৰাসবাদী কাৰ্য্যৰ বিশ্লেষণ কৰে, যদি তেওঁলোকে (সন্ত্রাসবাদীয়ে) জনসাধাৰণৰ পৰিচয় চাই আছে তেন্তে তেওঁলোকে কিয় এনে কৰিছে? কাৰণ আমাৰ দেশত হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি হৈছে। ইয়াৰ ফলত এনে সংগঠনসমূহে অনুভৱ কৰিব যে হিন্দুসকলে সকলো মুছলমানৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। পৰিচয়টো চাই আৰু তাৰ পিছত কাৰোবাক হত্যা কৰিছে, এইটো প্ৰধানমন্ত্ৰীলৈ এটা বাৰ্তা, কাৰণ ৰাইজে দুৰ্বল অনুভৱ কৰিছে। সংখ্যালঘুসকলে দুৰ্বল অনুভৱ কৰিছে এইটো শীৰ্ষৰ পৰাই আহিব লাগে যে আমি আমাৰ দেশত নিৰাপদ আৰু ধৰ্মনিৰপেক্ষ অনুভৱ কৰোঁ আৰু আমি এনে কাৰ্য্য হোৱা দেখা নাপাম।”