নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিগর্ভ মণিপুৰত মন্ত্রীৰ বাসগৃহত আক্রমণ প্রতিবাদকাৰীৰ

🔹 ইম্ফলৰ বিভিন্ন স্থানত বিক্ষুব্ধ জনতা–আৰক্ষীৰ সংঘর্ষ

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : দুই শিক্ষার্থীৰ অপহৰণ আৰু নৃশংস হত্যাৰ ঘটনাক লৈ পুনৰ বিক্ষোভৰ জুইত জ্বলিছে মণিপুৰ৷ কালিৰে পৰা উত্তৰ–পূবৰ ৰাজ্যখনৰ ৰাজধানী চহৰ ইম্ফলত আৰক্ষীৰ সৈতে সংঘর্ষত লিপ্ত হৈছে বিক্ষুব্ধ জনতা৷ কালি ইম্ফল পূব জিলাৰ খুৰাই চাজোৰ লেইকাই অঞ্চলত স্থানীয় বিজেপি বিধায়ক তথা ৰাজ্যখনৰ মন্ত্রী এল সুছিন্দ্রোৰ বাসভৱনত আক্রমণ চলায় উত্তেজিত জনতাই৷ আৰক্ষীৰ সৈতে কালিৰে পৰা কেইবাটাও স্থানত সংঘর্ষত লিপ্ত হৈছে বিক্ষুব্ধ জনতা৷ উল্লেখনীয় যে মেইটেই জনগোষ্ঠীৰ দুই শিক্ষার্থীৰ অপহৰণ তথা হত্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে পুনৰ উত্তপ্ত হৈছে ৰাজ্যখন৷ ইফালে, কুকি অধ্যুষিত পাহাৰীয়া অঞ্চলসমূহত আগন্তুক ৬ মাহৰ বাবে সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফ্স্পা) বলৱৎ কৰিছে চৰকাৰে৷

You might also like