লকডাউনৰ বিৰুদ্ধে লণ্ডনত প্রতিবাদ
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে জাৰি কৰা লকডাউন মানিবলৈ অস্বীকাৰ কৰিছে লণ্ডনবাসীয়ে৷ কালি লকডাউনবিৰোধী জনতাৰ প্রতিবাদী সমদলত উত্তাল হয় লণ্ডন৷ উল্লেখনীয় যে আৰক্ষীয়ে সামাজিক দূৰত্ব মানি চলাৰ উপৰি ঘৰতেই লোকসকলক আবদ্ধ হৈ থাকিবলৈ আহ্বান জনাইছিল৷ এই প্রতিবাদী সমদলত নেতৃত্ব দিয়া ৩৩জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷
উল্লেখনীয় যে ক’ভিড–১৯ লকডাউন উলংঘা কৰি কালি লণ্ডনত ১০ সহস্রাধিক লোকে প্রতিবাদ জনাই এয়া ভুৱা মহামাৰী আৰু চৰকাৰৰ অপপ্রচাৰ বুলি অভিযোগ কৰে৷