নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্রান্ত পাক প্রধানমন্ত্রী ইমৰান খানৰ আশু আৰোগ্য কামনা নৰেন্দ্র মোদীৰ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ক’ভিড–১৯ত আক্রান্ত হোৱা পাকিস্তানী প্রধানমন্ত্রী ইমৰান খানৰ আশু আৰোগ্য কামনা কৰিছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ উল্লেখনীয় যে চীনে প্রস্তুত কৰা ক’ভিড ভেকচিন ‘ছাইন’ভেক’ গ্রহণ কৰাৰ মাত্র দুদিন পিছত ক’ভিডত আক্রান্ত হয় পাক প্রধানমন্ত্রীগৰাকী৷

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ছ’চিয়েল মিডিয়া টুইটাৰযোগে ইমৰান খানৰ আশু আৰোগ্য কামনা কৰা বিষয়টোক লৈ সংবাদ মাধ্যমত চর্চা চলিছে৷ লক্ষণীয়ভাৱে ইমৰান খানে ১৮ মার্চত ক’ভিড ভেকচিন গ্রহণ কৰি দেশবাসীক এই ভেকচিন লোৱাৰ বাবে আহ্বান জনাইছিল৷ আনকি ছাইন’ভেক ভেকচিন সকলো ফালৰ পৰা নিৰাপদ বুলিও ইমৰান খানে ঘোষণা কৰিছিল৷

ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ প্রতিৰোধৰ বাবে এই ভেকচিন সকলোৱে গ্রহণ কৰাটো জৰুৰী বুলি উল্লেখ কৰিছিল প্রধানমন্ত্রী ইমৰান খানে৷ স্মর্তব্য যে পাকিস্তানত শেহতীয়াকৈ ক’ভিড–১৯ মহামাৰীৰ দ্রুত সংক্রমণ ঘটিছে৷ মাজত তিনিটা মাহত সংক্রমণ কিছু হ্রাস পাইছিল যদিও যোৱা ফেব্রুৱাৰী মাহৰ পৰা চহৰবোৰত ক’ভিডত আক্রান্ত হৈছে হাজাৰ হাজাৰ লোক৷ ক’ভিডৰ এই দ্রুত সংক্রমণক লৈ উদ্বিগ্ণ হৈ পৰিছে ইমৰান খান চৰকাৰ৷

You might also like