নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনৰ ভয়ত ২৭ বছৰতে ক্রিকেটকে বিদায় জনালে পুকোভস্কিয়ে, বাৰম্বাৰ মূৰত আঘাত পোৱাৰ বাবে ভুগিছিল কনকাচনত

নিউজ ডেস্ক, ৯ এপ্রিলঃ মাত্র ২৭ বছৰ বয়সতে ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিলে অষ্ট্রেলিয়াৰ প্রতিভাৱান বেটাৰ উইল পুকোভস্কিয়ে৷ কনকাচনৰ বাবেই পুকোভস্কিয়ে ক্রিকেট এৰিবলৈ বাধ্য হয়৷ ২০২০–২১ চনত ভাৰতৰ বিৰুদ্ধে খেলি টেষ্ট ক্রিকেটত অভিষেক ঘটিছিল পুকোভস্কিৰ৷ ২০২৪ চনৰ মার্চ মাহত শ্বেফিল্ড শ্বিল্ডৰ এখন খেলত মূৰত আঘাত পাইছিল প্রতিভাৱান বেটাৰগৰাকীয়ে৷ তাছমেনিয়াৰ বিৰুদ্ধে খেলা মেচখনত পেচবলাৰ ৰাইলি মেৰেডিথৰ এটা বল তেওঁৰ হেলমেটত খুন্দা মাৰে৷ এই ঘটনাৰ পিছত পুকোভস্কিয়ে দুমাহ ধৰি ভালকৈ খোজকাঢ়িবও পৰা নাছিল৷ সেয়ে তেওঁ এবছৰৰ পিছত ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লয়৷ বলে মূৰত খুন্দা মৰাৰ পিছত বাঁওফালে চোৱাত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছিল৷ অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰি পুকোভস্কিয়ে কয় যে মই আৰু কমেও ১৫ বছৰ খেলিব বিচাৰিছিলোঁ৷ কিন্তু সেয়া এতিয়া সম্ভৱ নহয়৷ উক্ত মেচখনৰ পিছত মোৰ জীৱনত বহুত সলনি হৈছে৷ ক্রিকেট এৰি যোৱাৰ পিছত অন্ততঃ এটা কথা স্পষ্ট হৈছে যে মই আৰু কনকাচনত ভুগিব নালাগিব৷ চিকিৎসকৰ পৰামর্শ মতে, ক্রিকেট এৰা পুকোভস্কিয়ে ১৮ বছৰ বয়সত প্রথমবাৰৰ বাবে কনকাচনত ভুগিছিল৷ তাৰ পিছত একেটা কাণ্ডই মুঠ ১২বাৰ সংঘটিত হৈছিল৷ উল্লেখ্য যে ২০২১ চনত ভাৰতৰ বিৰুদ্ধে খেলা কেৰিয়াৰৰ একমাত্র টেষ্টখনত পুকোভস্কিয়ে টেষ্টখনৰ দুটা ইনিংছত ৭২ ৰান কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ ৩৬খন প্রথম শ্রেণীৰ মেচ খেলিছিল৷

You might also like