নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্টুন ছপা নোহোৱাত চাকৰি ত্যাগ পুলিৎজাৰ বিজয়ী কার্টুনিষ্টৰ

🔹 ট্রাম্পৰ সন্মুখত নতজানু ‘ৱাশ্বিংটন প’ষ্ট’ৰ মালিক জেফ বেজ’ছ !

নিউজ ডেস্ক, ৭ জানুৱাৰী : নৱনির্বাচিত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সন্মুখত নতজানু হ’বলগীয়া হ’ল ৱাশ্বিংটন প’ষ্টৰ মালিক জেফ বেজ’ছ৷ বেজ’ছৰ সৈতে আছে আমেৰিকাৰ বৃহৎ উদ্যোগপতিসকল৷ আমেৰিকাৰ শেহতীয়া অৱস্থা বুলি এনেধৰণৰ এক কার্টুন ছবি আঁকিছিল ৱাশ্বিংটন প’ষ্টৰ পুলিৎজাৰ বিজয়ী কার্টুনিষ্ট এন টেলনেছে৷ কিন্তু সেই ছবি সংবাদ পত্রত ছপা নকৰা বাবে চাকৰি ত্যাগ কৰিলে কার্টুনিষ্টগৰাকীয়ে৷ এই কার্যৰ বাবে বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে কার্টুনিষ্টগৰাকীয়ে৷ স্মর্তব্য যে পুলিৎজাৰ বিজয়ী কার্টুনিষ্ট এন টেলনেছ বিশ্বৰ সংবাদ মাধ্যমৰ এক উল্লেখযোগ্য নাম৷ বিশ্বৰ শীর্ষ নেতাৰ লগতে ধনকুবেৰসকলক সমালোচনা কৰি তেওঁ অংকন কৰা কার্টুনে ইতিমধ্যে ভূয়সী প্রশংসা অর্জন কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ আগন্তুক কার্যকালক কটাক্ষ কৰি এক কার্টুন অংকন কৰে টেলনেছে৷ এই কার্টুনত ই–কমার্চ সংস্থা আমাজন তথা ৱাশ্বিংটন প’ষ্টৰ মালিক জেফ বেজ’ছসহ অন্যান্য প্রভাৱশালী ব্যক্তিসকলক দেখিবলৈ পোৱা যায় ট্রাম্পৰ মূর্তিৰ সন্মুখত নতজানু হৈ বহি থকা অৱস্থাত৷ কিন্তু সেই কার্টুন ৱাশ্বিংটন প’ষ্টে ছপা নকৰিলে৷ ইয়াতেই ক্ষুব্ধ হৈ পৰে কার্টুনিষ্টগৰাকী৷ এই ঘটনাক সংবাদ পত্রৰ স্বাধীনতাৰ বাবে বিপজ্জনক বুলি অভিহিত কৰি চাকৰিৰ পৰা পদত্যাগ কৰিছে কার্টুনিষ্টগৰাকীয়ে৷ লগে লগে আমেৰিকাত ধুমুহাৰ সৃষ্টি কৰিছে এই বিষয়টোৱে৷ বিতর্কিত এই কার্টুনে এতিয়া মার্কিন সংবাদ মাধ্যমৰ স্বাধীনতাক লৈও সৃষ্টি কৰিছে প্রশ্ণ৷

You might also like