নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৭ কিলোগ্রাম হেৰ’ইন জব্দ কৰিলে পঞ্জাব আৰক্ষীয়ে

বিশেষ বাৰ্তা, ৬ আগষ্ট : পঞ্জাব আৰক্ষীয়ে অভিযান চলাই ৭৭ কিলোগ্রাম হেৰ’ইন জব্দ কৰিছে৷ গ্রেপ্তাৰ কৰিছে চাৰি অভিযুক্তক৷ এই চাৰি অভিযুক্তক জেৰা কৰাৰ পিছতে দেশৰ বিভিন্ন প্রান্তলৈ ড্রাগ্ছ সৰবৰাহ সম্বন্ধত অধিক তথ্য লাভ কৰা বুলি দাবী কৰিছে পঞ্জাব আৰক্ষীয়ে৷ পঞ্জাব আৰক্ষীৰ মুৰব্বী গৌৰৱ যাদৱে উল্লেখ কৰা অনুসৰি ফিৰোজপুৰৰ কাউণ্টাৰ ইণ্টেলিজেন্স উইঙৰ হাতত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ হেৰ’ইন৷ ধৃত চাৰিজনৰ হাতৰ পৰা তিনিটা পিষ্টলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীপ্রধান গৌৰৱ যাদৱে উল্লেখ কৰা অনুসৰি ২০২৩ৰ আটাইতকৈ বৃহৎ ড্রাগ্ছবিৰোধী অভিযান চলোৱা হৈছে৷ এই অভিযানতেই জব্দ হয় ৭৭ কিলোগ্রাম হেৰ’ইন৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ধৃত লোককেইজনে পূর্বৰে পৰা পাকিস্তানৰ পৰা ভাৰতলৈ ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷

You might also like