৬ ডিচেম্বৰত ভাৰতলৈ ৰাছিয়াৰ ৰাষ্ট্রপতি
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ভাৰত আৰু ৰাছিয়াৰ মাজৰ বার্ষিক সন্মিলনৰ কাৰণে অহা ৬ ডিচেম্বৰত ভাৰত ভ্রমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ এদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীলৈ অহা ৰাষ্ট্রপতি পুটিনে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে বৈঠকত মিলিত হ’ব৷ এই দ্বিপাক্ষিক বৈঠকতে দুয়ো দেশৰ মাজত কেইবাখনো চুক্তি সম্পন্ন হ’ব বুলি চৰকাৰৰ শীর্ষ সূত্রত প্রকাশ৷ উল্লেখ্য যে চলিত বর্ষৰ শেষৰ পিনে ৰাছিয়াৰ এছ ৪০০ বায়ু প্রতিৰক্ষা পদ্ধতিৰ প্রথম বেটছ ভাৰতলৈ অহাৰ প্রাক্মুহূর্ততে দুয়ো দেশৰ মাজৰ বার্ষিক সন্মিলন অনুষ্ঠিত হ’ব৷